গুৱাহাটী,14 ডিচেম্বৰ :2021ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ ৰাজনীতিত সঘনাই হ’ব ধৰিছে পট পৰিৱৰ্তন ৷ ৰাষ্ট্ৰীয় দলসমূহৰ নিৰ্বাচনী ৰণনীতিৰ সমান্তৰলকৈ নতুনকৈ গঠিত জাতীয় দলসমূহেও পূৰ্ণদ্যোমে কৰিছে ৰাজনৈতিক অংক ৷ ইয়াৰ মাজতে সোমবাৰে বিৰোধী দল কংগ্ৰেছলৈ নামি আহে আন এক ধুমুহা ৷ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিলে দলটোৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ৷
কংগ্ৰেছ ত্যাগ কৰিলে কমল কুমাৰ মেধিয়ে - কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ
কংগ্ৰেছৰ দলৰ পৰা পদত্যাগ যুৱ নেতা কমল কুমাৰ মেধিৰ ৷ সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ হাতত দাখিল কৰে পদত্যাগ পত্ৰ ৷
কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ
যুৱনেতা গৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ হাতত প্ৰদান কৰে নিজৰ পদত্যাগ পত্ৰ ৷ কংগ্ৰেছ দলৰ মুখপাত্ৰ পদৰ লগতে দলৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰে মেধিয়ে ৷ আনহাতে, অতিশীঘ্ৰে নতুন ৰাজনৈতিক দলত যোগদান কৰাৰ কথা ঘোষণা কৰে যুৱ নেতাগৰাকীয়ে ৷
লগতে পঢ়ক-শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী