গুৱাহাটী, 21ডিচেম্বৰ :সদ্য পদত্যাগী কংগ্ৰেছ নেতা কমল কুমাৰ মেধিয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে ৰাইজৰ দলত ৷ অৰ্ধশতাধিক সমৰ্থকক লগত লৈ সোমবাৰে আনুষ্ঠানিকভাবে ৰাইজৰ দলত যোগদান কৰে মেধিয়ে ৷ এসময়ৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছলৈ গৈ পুনৰ ৰাইজৰ দলত যোগদান দিয়াত এতিয়া যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হয় ৷ ৰাইজৰ দলৰ মঠঘৰীয়া স্থিত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত নেতাগৰাকীয়ে যোগদান কৰে ৰাইজৰ দলত ৷ নেতা গৰাকীৰ লগতে কংগ্ৰেছৰ মিডিয়া চেলৰ উপাধ্যক্ষ বিনয় ডেকা, আম আদমী পাৰ্টীৰ পূৰ্বৰ সাধাৰণ সম্পাদক শান্তনু সেনৰ লগতে ভবানীপুৰ সমষ্টিৰ AGP ৰ বহু কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত ৷
মেধিয়ে ৰাইজৰ দলত যোগদান কৰিয়ে বিজেপিয়ে জনবিৰোধী নীতি লোৱাৰ সময়ত নাগৰিক সমাজৰ নতুন দায়িত্ব লোৱাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে । ইয়াৰ লগতে, বিজেপি-আৰ.এচ.এচে ধৰ্মীয় মেৰুকৰণৰ পৰিবেশ অনাৰ সময়তে আমি সকলোৱে একত্ৰিত হ'ব লাগিব বুলি মন্তব্য কৰে ৷