গুৱাহাটী, 25 অক্টোবৰঃ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত লেখক কমল কুমাৰ মেধিৰ "এই দেশ কাৰাগাৰ" নামৰ এখন কাব্য গ্ৰন্থখনি উন্মোচন কৰা হয়। গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইয়ে। আনহাতে গ্ৰন্থ উন্মোচনী সভাত হৰেকৃষ্ণ ডেকা,সনন্ত তাঁতীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আঁক বাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই কাব্য সংকলনখনত কমল কুমাৰ মেধিয়ে কাৰাগাৰত বন্দী হৈ থকাৰ সময়ছোৱাত লিখি উলিওৱা বিভিন্ন বিপ্লৱ ধৰ্মী কবিতা সন্নিবিষ্ট কৰা হৈছে। কাব্য সংকলনখনিৰ সন্দৰ্ভত কমল কুমাৰ মেধিয়ে কয়,"সাংগঠনিক কামত মই কেইবাবাৰো কাৰাগাৰলৈ যাব লগা হৈছিল। কাৰাগাৰত থকা সময়ত মই প্ৰত্যেক বাৰেই কিছুমান কবিতা লিখিছিলো কাৰাগাৰৰ ভিতৰৰ কথা। দেশত চলি থকা ৰাজনীতিৰ কথা। তেনে কিছু ৰচনাৰ সংকলন হৈছে "এই দেশ কাৰাগাৰ" । তেওঁ লগতে কয়,"সাম্প্ৰতিক সময়ত সমগ্ৰ দেশখনেই কাৰাগাৰত পৰিণত হৈছে। অন্যায়ৰ বিৰুদ্ধে যি সকলে মাত মাতে তেওঁলোকক শাসকে কাৰাগাৰলৈ নিক্ষেপ কৰে। দেশপ্ৰেমীসকলক দেশদ্ৰোহী আখ্যা দিয়া হয়,তেওঁলোকক কাৰাগাৰালৈ নিক্ষেপ কৰা হয়। অৰ্থাৎ দেশখনেই কাৰাগাৰলৈ পৰিণত হৈছে ।" এই কাব্য সংকলনখন পাঠক সমাজে আদৰি লব বুলি আশা ব্যক্ত কৰিছে লেখক কমল কুমাৰ মেধিয়ে ।
লেখক কমল কুমাৰ মেধিৰ কাব্যগ্ৰন্থ "এই দেশ কাৰাগাৰ" উন্মোচন - এই দেশ কাৰাগাৰ
গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় কমল কুমাৰ মেধিৰ "এই দেশ কাৰাগাৰ" নামৰ এখন কাব্য গ্ৰন্থ । গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডঃ হীৰেন গোহাঁইয়ে। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে হৰেকৃষ্ণ ডেকা,সনন্ত তাঁতীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।
![লেখক কমল কুমাৰ মেধিৰ কাব্যগ্ৰন্থ "এই দেশ কাৰাগাৰ" উন্মোচন কমল কুমাৰ মেধিৰ এই দেশ কাৰাগাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4869560-thumbnail-3x2-kamalkumarmedhi.jpg)
প্ৰকাশ পালে কমল কুমাৰ মেধিৰ নৱ কাব্যগ্ৰন্থ "এই দেশ কাৰাগাৰ"