গুৱাহাটী, 5 জুলাই : কেৱল বিজেপি দলতেই, এতিয়া ’তিনি গগৈ’ক লৈ আভ্যন্তৰীণ বিবাদত জৰ্জৰিত হৈ পৰিছে ৰাজ্যখনৰ আম আদমি পাৰ্টী ৷ 'তিনি গগৈ’ বিতৰ্কৰ বাবেই দলটোৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 4 জুলাইৰ দিনা দলটোৱে নিলম্বন কৰিছে দলটোৰ নেতা কমল কুমাৰ মেধিক ৷ 'তিনি গগৈ' বিতৰ্ক সন্দৰ্ভত শেহতীয়াভাৱে সংবাদ মাধ্যমত এক মন্তব্য আগবঢ়াইছিল নিলম্বিত আপ নেতা কমল কুমাৰ মেধিয়ে ৷
উল্লেখ্য যে, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু সাংসদ গৌৰৱ গগৈয়ে শিৱসাগৰত শেহতীয়াভাৱে হাতে হাত ধৰি এখন ইংগিতপূৰ্ণ ফটো উঠিছিল ৷ যিখন ফটোৱে অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ তেজপুৰত যোৱা দেওবাৰে আপ, অসমৰ এখন কাৰ্যনিৰ্বাহক সভাৰ পিছতে কমল কুমাৰ মেধিয়ে তিনি গগৈ সন্দৰ্ভত সাংবাদিকৰ আগত কৈছিল - 'তিনি গগৈয়ে নিৰ্বাচনত হাৰি পিছত ইজনে-সিজনক দোষাৰাপ কৰিব আৰু শেষত তিনিজনৰে মাজত মাত-বোল নাইকীয়া হ’ব ' এই মন্তব্যৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলা পৰিলক্ষিত হয় ৷ কমল কুমাৰ মেধিৰ সমান্তৰালভাৱে ৰাজ্যিক আপ দলটোও সৰৱ সমালোচনাৰ সন্মুখীন হ’ল ।
পৰৱৰ্তী সময়ত মঙলবাৰে দলটোৱে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত নিলম্বন কৰে কমল কুমাৰ মেধিক ৷ দলটোৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ স্বাক্ষৰ সম্বলিত এক পত্ৰযোগেহে নিলম্বনৰ বিষয়ে অৱগত হয় কমল কুমাৰ মেধি ৷ কাৰণ দৰ্শাবলৈ পৰ্যন্ত কোনো সুযোগ প্ৰদান নকৰা দলটোৰ এই সিদ্ধান্তৰ পিচতে কমল কুমাৰ মেধিয়ে দলটোৰ বিৰুদ্ধে সোচ্চাৰ হোৱা পৰিলক্ষিত হয় ৷ সামাজিক মাধ্যমত কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ আপৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী কোনোবা এজন সৰ্বশক্তিমানৰ নিৰ্দেশত চলাৰ অভিযোগ উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী হোৱাটো খাটাং বুলিও সামাজিক মাধ্যযোগে খেদ উজাৰে কমল কুমাৰ মেধিয়ে ৷ আপ আৰু অসমৰ সৰ্বশক্তিমানজনৰ ৰাজনৈতিক দলটোৰ সৈতে একলগ তথা 'মাৰ্জ’ কৰি দিবৰ বাবেও সামাজিক মাধ্যমযোগে আহ্বান জনায় নিলম্বিত নেতা কমল কুমাৰ মেধিয়ে ৷
উল্লেখযোগ্য যে, কৃষক মুক্তিৰ এগৰাকী সক্ৰিয় কৰ্মী কমল কুমাৰ মেধিয়ে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলত পোনপ্ৰথমে যোগদান কৰে আৰু 2021 বৰ্ষত ৰাইজৰ দলৰ পৰাই ভৱানীপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় ৷ ইয়াৰ পিচতেই আপত যোগদান কৰে মেধিয়ে ৷ কিছুদিন পিচতে সক্ৰিয় কংগ্ৰেছ নেতা হিচাপে আত্মপ্ৰকাশ কৰে যদিও পুনৰ আপলৈ যায় কমল কুমাৰ মেধিয়ে ৷ সঘনে ৰাজনৈতিক পট পৰিৱৰ্তন হোৱা কমল কুমাৰ মেধিৰ আগন্তুক ৰাজনৈতিক যাত্ৰা কোন দিশে হ’ব তাকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সম্প্ৰতি চলিছে সৰৱ চৰ্চা ৷
লগতে পঢ়ক :Loksabha election 2024 : গুজৰাটী বনিয়াৰ হাতত গটাব অসমৰ কৃষিভূমি: আৰ পি শৰ্মা