গুৱাহাটী,27 অক্টোবৰ:28 মিনিটত ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ’ল উত্তৰ গুৱাহাটীৰ কমল কৃষ্ণ দাসে ৷ অসমবাসীৰ বাবে এটি চিনাকী নাম কমল কৃষ্ণ দাস ৷ প্ৰায় দুবছৰ পূৰ্বে অৰ্থাৎ 2018 চনৰ 5 চেপ্তেম্বৰৰ দিনটো অসমবাসীৰ বাবে চিহ্নিত হৈ পৰিছিল ভয়ংকৰ দিন হিচাপে ৷ উক্ত দিনটোতে মহাবাহুৰ বুকুত সংঘটিত হৈছিল ভটভটী দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাৰ ফলত কেইবাজনো লোক নিহত হোৱাৰ লগতে নিৰুদ্দেশ হৈছিল ৷ দুৰ্ঘটনাৰ সন্মুখীন হোৱা নাওখনতে ছাত্ৰগৰাকীৰ লগতে মাতৃ আৰু পেহীয়েক আছিল ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ছাত্ৰগৰাকীয়ে ভৰা লুইত সাঁতুৰি পাৰ হৈ মাতৃ আৰু পেহীয়েকক উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ছাত্ৰগৰাকীয়ে এই কামৰ বাবে সাহসিকতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷
28 মিনিটত ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ’ল কমল কৃষ্ণ দাসে - Kamal krishna das across brahmaputra in 28 minute guwahati assam etv bharat news
কমল কৃষ্ণ দাস নামৰ ছাত্ৰগৰাকীয়ে গুৱাহাটীৰ খাৰখুলি অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নৈ সাঁতুৰি পাৰ হয় প্ৰায় 28 মিনিটত ৷ ছাত্ৰগৰাকীয়ে লুইতৰ বুকুৰে পাৰ হৈ উপস্থিত হয় উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটত ৷ কমল কৃষ্ণই ককাক ভোবোল দাসৰ তত্ত্বাৱধানত এই দুঃসাহসিক কাম কৰি উৎসাহী হৈ পৰিছে ৷
ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ’ল কমল কৃষ্ণ দাসে
এই কমল কৃষ্ণ দাস নামৰ ছাত্ৰগৰাকী পুনৰ আহিছে চৰ্চালৈ ৷ এইবাৰ ছাত্ৰগৰাকীয়ে গুৱাহাটীৰ খাৰখুলি অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নৈ সাঁতুৰি পাৰ হয় প্ৰায় 28 মিনিটত ৷ ছাত্ৰগৰাকীয়ে লুইতৰ বুকুৰে পাৰ হৈ উপস্থিত হয় উত্তৰ গুৱাহাটী মধ্যমখণ্ড ঘাটত ৷ কমল কৃষ্ণই ককাক ভোবোল দাসৰ তত্ত্বাৱধানত এই দুঃসাহসিক কাম কৰি উৎসাহী হৈ পৰিছে ৷ ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সাঁতোৰবিদ হোৱাৰ মন বান্ধিছে কমল কৃষ্ণ দাস নামৰ ছাত্ৰগৰাকীয়ে ৷
লগতে চাওকঃআহমেদাবাদ পালেহি দেশৰ প্ৰথমখন ছী-প্লেন