ভক্তৰ বাবে মুকলি কামাখ্যা মন্দিৰৰ দুৱাৰ গুৱাহাটী, ২৬ জুন:সোমবাৰে পুৱা ভক্তৰ বাবে মুকলি কৰি দিয়া হয় কামাখ্যা মন্দিৰৰ দুৱাৰ ৷ সোমবাৰে পুৱতি নিশা ২.৫৬ বজাত কামাখ্যা মন্দিৰত নিবৃত্তি হয় ৷ দেৱী স্নান নিত্য পূজা সমাপন হোৱাৰ পিচতে পুৱা ৫ বজাত মন্দিৰৰ মুখ্য দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হয় ৷
আজি মন্দিৰৰ দ্বাৰ মুকলিৰ পাচত প্ৰায় ৫,০০০-৫,৫০০ ভক্তই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব । ইয়াতকৈ অধিক ভক্তক ভিতৰত প্ৰৱেশ কৰিব দিয়াটো সম্ভৱ নহয় বুলি জানিবলৈ দিয়ে কামাখ্যা মন্দিৰৰ সচিব জ্ঞান নাথ শৰ্মাই ৷ তেওঁ লগতে মন্দিৰৰ দুৱাৰ খোলাৰ পিছতে মা আশিস ল’বলৈ ২৪ জুনৰ পৰা ভক্তসকলে বাহৰ পাতি থকা জানিবলৈ দিয়ে ৷ ইফালে মন্দিৰত প্ৰৱেশৰ বাবে সোমবাৰে পুৱা 4 বজাৰ পৰা ভক্তসকলক টোকেন দিয়া হয় ৷
অম্বুবাচী নিবৃত্তিৰ সময়ত ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মেলাৰ সময়ত পৰিচালনাৰ দিশটোৰ প্ৰতি বিশেষ নজৰ ৰখা হৈছে । কামাখ্যা মন্দিৰলৈ যাবলৈ দিয়া হোৱা নাই কোনো ধৰণৰ যান–বাহন । সকলো ভক্তই পদব্ৰজে কামাখ্যা মন্দিৰলৈ গৈছে । তদুপৰি এইবাৰ মন্দিৰত প্ৰৱেশৰ বাবে নাথাকিব কোনো VIP তথা VVIP ৰ ব্যৱস্থা ৷
উল্লেখ্য যে, বিগত চাৰিদিনত নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ । ভক্ত-সাধু-সন্তৰ সমাগমেৰে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে শক্তিপীঠ মা কামাখ্যাধামত । মা কামাখ্যাৰ আশিস ল’বলৈ দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছেহি কামাখ্যা ধাম ৷ ভক্তৰ মনত দেখা গ’ল ব্যাপক উৎসাহ-উদ্দীপনা ৷ এফালে নীলাচলত ভক্তৰ সমাগম আনফালে সাধু, বাবা সন্যাসীৰ হোম, জাগ, যজ্ঞ আৰাধানা ৷
লগতে পঢ়ক:Ambubasi in Kamakhya Temple : অম্বুবাচীৰ প্ৰবৃত্তি; কামাখ্যা ধামৰ দুৱাৰ বন্ধ