গুৱাহাটী, 19 মাৰ্চঃকৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা । কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰ । ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । বুধবাৰে জিলা প্ৰশাসনে মন্দিৰ-দেৱালয়সমূহলৈ দৰ্শনাৰ্থী সীমিত কৰাৰ আহ্বান জনাইছিল । তাৰ পিছতেই ৫০১ আৰু ৫০ টকীয়া বিশেষ টিকট বন্ধ কৰিছিল মন্দিৰ কৰ্তৃপক্ষই । ইফালে বৃহস্পতিবাৰে এক আলোচনা মৰ্মে সম্পূৰ্ণৰূপে কামাখ্যা মন্দিৰ বন্ধৰ সিদ্ধান্ত লয় মন্দিৰ পৰিচালনা সমিতিয়ে ।
কৰ'ণা আতংকঃ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ - কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰ
কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা মন্দিৰ । ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ।
![কৰ'ণা আতংকঃ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6472794-29-6472794-1584638573543.jpg)
দৰ্শনাৰ্থীৰ বাবে বন্ধ কামাখ্যা মন্দিৰ