অসম

assam

ETV Bharat / state

কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত কৰ’ণা - তিনিগৰাকী দৰ্শনাৰ্থীৰ দেহত ক'ৰণাৰ অৱস্থিতি

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ক'ভিড পৰীক্ষা কাৰ্যসূচীৰ যোগেদি ৬,৮৩৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত ৬১ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । ৰাজ্যখনত বিগত ২৪ ঘণ্টাত মুঠ ৬৮,০৭৫ গৰাকী লোকৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল ।

কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত ক'ৰণা
কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত ক'ৰণা

By

Published : Apr 11, 2021, 3:21 PM IST

গুৱাহাটী, ১১ এপ্ৰিল: কামাখ্যা দৰ্শন কৰিবলৈ অহা তিনিগৰাকী দৰ্শনাৰ্থীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি । কৰ’ণাত আক্ৰান্ত আটাইকেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে, শনিবাৰৰ পৰা মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত কামাখ্যা মন্দিৰত ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল ৷ এই পৰীক্ষাত তিনিগৰাকী দৰ্শনাৰ্থীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । কামাখ্যাত সকলো দৰ্শনাৰ্থীৰ বাবে এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে । শক্তিপীঠ কামাখ্যাৰ পুৰোহিতসকলৰ বাবেও ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ।

গুৱাহাটীত ক্ৰমাৎ ক'ৰণাকেন্দ্ৰিক পৰিস্থিতিৰ দ্ৰুত অৱনতি

গুৱাহাটীত ক্ৰমাৎ কৰ’ণাকেন্দ্ৰিক পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে । ইফালে গুৱাহাটী ৰে’ল ষ্টেচনতো ১৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি । ৰে’ল ষ্টেচনত প্ৰায় পাঁচশ গৰাকী যাত্রীৰ কৰ’ণা পৰীক্ষা কৰা হৈছিল । উল্লেখ্য যে, ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে শনিবাৰৰ পৰা ১২ এপ্ৰিললৈ তিনিদিনীয়াকৈ একেলেথাৰিয়ে ক'ভিড পৰীক্ষাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । সেই অনুসৰি, শনিবাৰৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, উপাসনাস্থলী সমূহত এই ক'ভিড পৰীক্ষাৰ কাৰ্যসূচী কাৰ্যকৰী কৰা হৈছে ।

কামাখ্যা দৰ্শনলৈ অহা তিনিজনৰ দেহত ক'ৰণা

শনিবাৰৰ দিনটোত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা ক'ভিড পৰীক্ষা কাৰ্যসূচীৰ যোগেদি ৬৮৩৩ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হয় ৷ ইয়াৰ ভিতৰত ৬১ গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । আনহাতে, কৰ’ণাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱা ৰাজ্যখনত বিগত ২৪ ঘণ্টাত নতুনকৈ ৪০৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে দুগৰাকী লোকৰ মৃত্যু ঘটিছে । ইয়াৰে এগৰাকী বাক্সাৰ আৰু আন এগৰাকী কামৰূপ(ম) ৰ । বিগত ২৪ ঘণ্টাত অকল কামৰূপ(ম) ৰ-তে কৰ’ণাত আক্ৰান্ত হৈছে ১৪৫ গৰাকী লোক । সমান্তৰালকৈ, কামৰূপ(গ্ৰাম্য) জিলাত ২৮ গৰাকী, বৰপেটাত ২৩ গৰাকী আৰু ডিব্ৰুগড়ত ২৩ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ।

শক্তিপীঠ কামাখ্যাৰ পুৰোহিতসকলৰ বাবেও ক'ভিড টেষ্টৰ ব্যৱস্থা

ৰাজ্যখনত বিগত ২৪ ঘণ্টাত মুঠ ৬৮,০৭৫ গৰাকী লোকৰ ক'ৰণা পৰীক্ষা কৰা হৈছিল । ৰাজ্যখনত আৰম্ভণিৰে পৰা এতিয়ালৈকে মুঠ কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ২,১৯,৯৫৮ গৰাকী । সেইদৰে কৰ’ণাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,১১৭ গৰাকী । এতিয়ালৈকে কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে মুঠ ২,১৫,৯০৭ গৰাকীয়ে । ৰাজ্যখনত বৰ্তমান সক্ৰিয় হৈ থকা কৰ’ণা ৰোগীৰ সংখ্যা হৈছে ১,৫৮৭ গৰাকী ।

লগতে পঢ়ক: লতাশিলত প্ৰতিবাদত বহিল বিহু সমিতিৰ বিষয়-ববীয়া

ABOUT THE AUTHOR

...view details