গুৱাহাটী,17 অক্টোবৰঃ আজি নৱৰাত্ৰি। কামাখ্যা দেৱালয়ত প্ৰতিবছৰৰ দৰে এইবাৰো ১৫দিনীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গা পূজা। কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবেই কেৱল ধৰ্মীয় ৰীতি-নীতিৰে এইবেলি পূজা অনুষ্ঠিত হ'ব । শনিবাৰে নৱৰাত্ৰি উপলক্ষে কামাখ্যা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈ যায় বিশেষ পূজা-অৰ্চনা। পৰম্পৰা অনুযায়ী আজিৰে পৰা আৰম্ভ হৈছে কুমাৰী পূজা। প্ৰথম দিনা এগৰাকী কুমাৰী, দ্বিতীয় দিনা দুই গৰাকী কুমাৰীক, এনেদৰেই একাধিক ক্ৰমে মুঠ ৪৫ গৰাকী কুমাৰীক পূজা কৰা হ'ব মা কামাখ্যা ধামত। স্বাস্থ্য বিভাগৰ সকলো বিধি মানি কামাখ্যাত চলি আছে ধৰ্মীয় পূজা-পাৰ্বন। লগতে পূৰ্বৰ দৰে এইবোৰ কামাখ্যা দেৱালয়ত হ'ব বলি বিধান।
১৫ দিনীয়া কাৰ্যসূচীৰে কামাখ্যাত আৰম্ভ শাৰদীয় দুৰ্গা পূজা - স্বাস্থ্য বিভাগৰ সকলো বিধি মানি
আজিৰে পৰা আৰম্ভ হৈছে কুমাৰী পূজা। প্ৰথম দিনা এগৰাকী কুমাৰী, দ্বিতীয় দিনা দুগৰাকী কুমাৰীক, এনেদৰেই একাধিক ক্ৰমত মুঠ ৪৫গৰাকী কুমাৰীক পূজা কৰা হ'ব মা কামাখ্যা ধামত।
১৫ দিনীয়া কাৰ্যসূচীৰে কামাখ্যাত আৰম্ভ শাৰদীয় দুৰ্গা পূজা
উল্লেখযোগ্য যে কৃষ্ণা নৱমীৰ পৰায়ে কামাখ্যাত প্ৰতিবছৰে অনুষ্ঠিত হয় দুৰ্গা পূজা। অতি জাকজমকতাৰে আয়োজন কৰা হয় এই পূজা। যত বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে। কিন্তু এইবাৰ কৰ'ণাৰ ভয়াৱহতাৰ বাবে জনসমাগম বৰ্জন কৰি পৰম্পৰা অনুসৰি পূজা অনুষ্ঠিত কৰা হৈছে ।
লগতে পঢ়কঃ আউনীআটী সত্ৰত প্ৰজ্বলিত 367 বছৰীয়া আকাশবন্তি