গুৱাহাটী, 7 ফেব্ৰুৱাৰীঃ 15 এপ্ৰিলৰ পৰা ৰাজ্যত শনি মন্ত্ৰী আৰু বুধ ৰজা হিচাপে থাকিব । দেশত বুধৰ প্ৰভাৱত যথেষ্ট উন্নতি হ'ব । এই ভৱিষ্যতবাণী কালপুৰুষ পূৰ্নাংগ পঞ্জিকাৰ গণনাকাৰীৰ । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত 2020-2021 বৰ্ষৰ পঞ্জিকা উন্মোচন কৰি এই দৰে কয় কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ গণনাকাৰী সকলে ।
আনহাতে, অসমৰ ৰাজনীতিৰ কোনোবা এজন বিশেষ ব্যক্তিৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে গণনাকাৰীসকলে । আগন্তুক দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ ভাল চলি থাকিব । ভাৰতৰ ৰাজনীতি প্ৰেক্ষাপতত আগন্তুক বছৰত পুনৰ বিজেপি আহিব বুলি মন্তব্য কৰে গণনাকাৰী সকলে ।