অসম

assam

ETV Bharat / state

চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ কলাগুৰু বিষ্ণু ৰাভা বঁটা - ঝৰ্ণা শইকীয়া

কলাগুৰু বিষ্ণু ৰাভা বঁটা অহা ২০ জুন তাৰিখে প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বটা।

চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ কলাগুৰু বিষ্ণু ৰাভা বঁটা
চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ কলাগুৰু বিষ্ণু ৰাভা বঁটা

By

Published : Jun 18, 2020, 10:56 PM IST

গুৱাহাটী, 18 জুনঃ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতেই সাংস্কৃতিক ক্ষেত্ৰলৈ সুখবৰ। বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু বিশিষ্ট নৃত্যশিল্পী তথা অভিনেত্ৰী ঝৰ্ণা শইকীয়ালৈ আগবঢ়োৱা হ'ব কলাগুৰু বিষ্ণু ৰাভা বঁটা । এই বঁটা অহা ২০ জুন তাৰিখে প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰিব উক্ত শিল্পী দুগৰাকীক। বঁটা বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকিব মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি নৱ কুমাৰ দলে, সঞ্জয় কিষান, মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী,বিধায়ক প্ৰশান্ত ফুকন তথা বিধায়ক ঋতুপৰ্ণ বৰুৱা ।

চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা

চিত্ৰশিল্পী কন্দৰ্প শৰ্মাই গুৱাহাটী চাৰু কাৰু কলা মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব ৰূপায়ণ কৰাৰ উপৰিও অসমৰ চিত্ৰকলা ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়ায়। তেওঁ ইতিমধ্যে বিভিন্ন ঠাইত নিজৰ চিত্ৰকলা প্ৰদৰ্শন কৰি কৃতিত্ব অৰ্জন কৰিবলৈও সক্ষম হৈছে ।

আনহাতে,১৯৭৪ চনত "ৰতনলাল" চিনেমা খনত নায়িকাৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ সঁহাৰি লাভ কৰা ঝৰ্ণা শইকীয়াই ১৯৭৫ চনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত "বি-হাই" নাট শিল্পীৰূপে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত লোকনৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও,এই শিল্পী গৰাকী বিভিন্ন টেলফিল্মতো অভিনয় কৰিছে ।

নৃত্যশিল্পী তথা অভিনেত্ৰী ঝৰ্ণা শইকীয়া

লগতে চাওকঃ সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা : বান্ধৱী ৰিয়া চক্ৰৱৰ্তীক জেৰা মুম্বাই আৰক্ষীৰ

ABOUT THE AUTHOR

...view details