অসম

assam

By

Published : Sep 21, 2020, 4:27 PM IST

ETV Bharat / state

কাহিলীপাৰাত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ

কাহিলীপাৰাত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ ৷ টেটত অৱতীৰ্ণ নোহোৱাকৈয়ে তেঁওলোকক শিক্ষকৰ পদত নিযুক্তি প্ৰদানৰ দাবীত সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংযোগী শিক্ষাকৰ্মী সকলে ৷

Kahilipara Connected Education worker protest
কাহিলীপাৰাত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ

গুৱাহাটী, 21 ছেপ্তেম্বৰঃ সোমবাৰে কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংযোগী শিক্ষাকৰ্মী সকলে ৷ টেট অবিহনেই সংযোগী শিক্ষাকৰ্মীসকলক শিক্ষকৰ পদত নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ শিক্ষাকৰ্মীসকলৰ অভিযোগ বিগত বহু বছৰ ধৰি সংযোগী শিক্ষাকৰ্মীয়ে শিক্ষাদান কৰি আহিছে বিদ্যালয়সমূহত ৷ কিন্তু শিক্ষা বিভাগে তেঁওলোকক শিক্ষকৰ পদত নিযুক্তি দিয়াৰ বাবে পুনৰ টেটত অৱতীৰ্ণ হ’ব লাগিব বুলি বাধ্যতামূলক কৰি দিছে ৷

কাহিলীপাৰাত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ

আনহাতে, এই প্ৰতিবাদৰ পিছতে ১৫ দিনৰ ভিতৰত সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়ে এক আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ যদি 5 অক্টোৱৰৰ ভিতৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয় তেনহ’লে অনাগত দিনত পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ’ব বুলি মন্তব্য কৰে সংযোগী শিক্ষাকৰ্মীৰ নেতৃত্বই ৷

লগতে পঢ়ক-অপৰিস্কাৰ হৈয়ে ৰৈছে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহৃত বিদ্যালয়

ABOUT THE AUTHOR

...view details