গুৱাহাটী, ৮ নৱেম্বৰ:অৰ্হতা থকাৰ পাচতো স্থায়ী নিযুক্তিৰ পৰা বঞ্চিত হৈ আহিছে জ্যোতিকেন্দ্ৰত কৰ্মৰত শিক্ষকৰ্মী সকল ৷ সোমাবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ন্যাৰ্যপ্ৰাপ্তিৰ দাবী উত্থাপন কৰে জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সকলে ৷জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থাই অভিযোগ কৰা মতে, যোৱা 18 বছৰে স্থায়ী শিক্ষক নিযুক্তিৰ লগতে অন্যান্য সুবিধাৰ বঞ্চিত হৈ আহিছে তেওঁলোক ৷
সোমবাৰৰ সংবাদমেলৰ জৰিয়তে স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা, বৰ্তমানৰ ৬৫০০ টকা পাৰিশ্ৰমিকৰ বিপৰীতে ১৫০০০ হাজাৰ টকাৰ মাহিলী পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰা, প্ৰাথমিক বিদ্যালয়ত খালি হৈ থকা শিক্ষক পদত প্ৰথমতে কৰ্মৰত শিক্ষাকৰ্মী সকলক নিযুক্তিৰ ব্যৱস্থা কৰা আদি দাবী উত্থাপন কৰে জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থাই । অভিযোগ কৰা মতে, ২০০৩ চনৰ পৰা ১৮ বছৰ কৰ্ম অভিজ্ঞতাৰ ভিত্তিত সম্পূৰ্ণ শৈক্ষিক আৰু বৃত্তিগত অৰ্হতা থকাৰ পাচতো পৰ্যাপ্ত সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সকল ।
সংবাদমেলত তেওঁলোকে কয়, জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মী সকলৰ পুনৰ টেট পৰীক্ষা দিয়াৰ মানসিকতা নাই । বৰ্তমান খালী হৈ থকা পদত শিক্ষাকৰ্মী সকলক প্ৰথমে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে । ৮১৫ টা পদ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীৰ বাবে সংৰক্ষণ কৰিহে নতুন নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে জ্যোতিকেন্দ্ৰ শিক্ষাকৰ্মী সন্থাই ৷