অসম

assam

By

Published : Jan 17, 2020, 2:10 PM IST

ETV Bharat / state

ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ কাৰ্যকাল বৃদ্ধি

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ কাৰ্যকাল বৃদ্ধি ৷ ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে কাৰ্যকাল ৷

বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ কাৰ্যকাল বৃদ্ধি
বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ কাৰ্যকাল বৃদ্ধি

গুৱাহাটী, 17 জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ কাৰ্যকাল এমাহৰ বাবে বৃদ্ধি ৷ ১৫ জানুৱাৰীত সমিতিখনৰ কাৰ্যকাল শেষ হৈছিল যদিও, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক অধিসূচনা যোগে সমিতিৰ কাৰ্যকাল ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে ৷ উল্লেখ্য যে ১৩ জানুৱাৰীত দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হৈছিল ন্যায়াধীশ শৰ্মা নেতৃত্বাধীন এই সমিতিখন ৷

কাৰ্যকাল বৃদ্ধি ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ

শুকুৰবাৰে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিয়লি ২ বজাত অনুষ্ঠিত হ'ব ৬ নং দফা কাৰ্যকৰীকৰণ সমিতিৰ এখন বৈঠক । এই বৈঠকত উপস্থিত থাকিব উত্তৰ পূৱৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ সচিব সত্যেন গাৰ্গ ৷

লগতে পঢ়কঃমণিৰাম দেৱানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সমাৰোহ

ABOUT THE AUTHOR

...view details