গুৱাহাটী, ১৩ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন সমিতিখনে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় ।
অমিত শ্বাহৰে বৈঠকঃ ই টিভি ভাৰতক কি ক'লে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই - অমিত শ্বাহৰে বৈঠক
সমিতিখনৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু দুই সদস্য ডঃ মৃণাল মিৰি আৰু ডঃ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁয়ে গৃহমন্ত্ৰীৰে এই বৈঠকত ভাগ লয় ।
ই টিভি ভাৰতক কি ক'লে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই
সমিতিখনৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু দুই সদস্য ডঃ মৃণাল মিৰি আৰু ডঃ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁয়ে গৃহমন্ত্ৰীৰে এই বৈঠকত ভাগ লয় । বৈঠকৰ অন্তত নতুন দিল্লীৰ পৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ই টিভি ভাৰতক জনাই যে আজিৰ এই বৈঠক অত্যন্ত ফলপ্ৰসু । একে সময়তে সমিতিখনে খুব সোনকালেই কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি শৰ্মাই প্ৰকাশ কৰে ।