অসম

assam

ETV Bharat / state

APSC scam: 2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক - APSC scam

অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত 2013 আৰু 2014 বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত 936/2016 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল ৷ ইয়াৰে 2013 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল ৷ শেহতীয়াকৈ 2014 বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্বও ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছে ৷

Justice Biplob Kumar Sharma Commission
2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক

By

Published : May 23, 2022, 3:51 PM IST

নিউজ ডেস্ক, 23 মে': অসম লোকসেৱা আয়োগত 2014 চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাবে অৰ্পণ কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক (Justice Biplob Kumar Sharma Commission) ৷ এক অধিসুচনা যোগে ইতিমধ্যে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মা আয়োগক এই দায়িত্ব ন্যস্ত কৰিছে ৷

সোমবাৰে ই টিভি ভাৰতক এই কথা জানিবলৈ দি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই কয় যে অসম লোকসেৱা আয়োগৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত 2013 আৰু 2014 বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত 936/2016 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল (APSC appointment scam) ৷ ইয়াৰে 2013 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে ন্যায়াধীশ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল ৷

2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক

আয়োগে ইতিমধ্যে সেই কেলেংকাৰীৰ তদন্ত কৰি চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে ৷ আনহাতে, 2014 ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব পূৰ্বতে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰা হোৱা নাছিল ৷ যাৰ ফলস্বৰূপে ডিব্ৰুগড় থানাত একেটা গোচৰতে (936/2016) দুয়োটা বৰ্ষৰ কেলেংকাৰী সংযুক্ত হৈ থকা স্বত্বেও ন্যায়াধীশ শৰ্মা আয়োগে 2014 বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল ৷

কিন্তু শেহতীয়াকৈ 2014 বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্বও ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছে ৷ আগন্তুক ছমাহৰ ভিতৰত এই আয়াগে প্ৰতিবেদন দাখিল কৰিব লাগিব (Justice Sharma Commission will submit report within six months) ৷ স্মৰ্তব্য যে 2014 ৰ নিযুক্তি কেলেংকাৰীত পূৰ্বতেই 21 জনক দোষী সাব্যস্ত কৰা হৈছিল ৷

লগতে পঢ়ক:Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details