গুৱাহাটী,১৪ মাৰ্চ: বিজেপিৰ বিৰুদ্ধে জন জাগৰণ সৃষ্টিৰ উদ্দেশ্যে অসমলৈ অহা প্ৰখ্যাত কৃষক নেতা-সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে ভোটযুদ্ধত বিজেপিক প্ৰতিহত কৰাৰ বাবে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি আহ্বান জনায় । দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত আয়োজন কৰা এখন সংবাদমেলত যাদৱে বিজেপি চৰকাৰৰ জন বিৰোধী নীতিসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়- "কৃষকৰ সৈতে আলোচনা নকৰাকৈ জাপি দিয়া তিনিখন কৃষি বিৰোধী আইনৰ বিৰুদ্ধে বিজেপিক প্ৰত্যুত্তৰ দিয়া সময় এতিয়া আহিছে । সকলোৱে এতিয়া প্ৰত্যুত্তৰ দিব লাগে । আমি সেয়ে দেশৰ সকলো প্ৰান্তলৈ যাম আৰু সকলোকে অনুৰোধ কৰিম বিজেপিক প্ৰত্যুত্তৰ দিবলৈ । ভোটযুদ্ধত পৰাস্ত কৰিহে বিজেপি শাস্তি দিব পৰা যাব । কৃষকৰ আন্দোলনৰ বাবে ইতিমধ্যে তিনিখন কৃষি আইনৰ মৃত্যু হৈছে যদিও চৰকাৰে সেই কথা কবলৈ সাহস কৰা নাই"।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহংকাৰ লৈ আঁকোৰগোঁজ স্থিতিত আছে । তেওঁলোকে অন্য কোনো ভাষা বুজি নাপায় । সেয়ে ভোটৰ দ্বাৰাই তেওঁলোকক শিক্ষা দিব লাগিব । সংযুক্ত কিষাণ মৰ্চা ৰাজনীতিৰ লগত জড়িত নহয় যদিও কৃষকৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাৰ বাবে ওলাই আহিছে । কৃষক আন্দোলনত ৩০০ কৃষক শ্বহীদ হৈছে । প্ৰায় ১০৮ দিন পাৰ হ'ল । কোনোৱে যদি আত্মহত্যা কৰিছে, কোনোৰ দুৰ্ঘটনাত মৃত্যু হৈছে । কোনো আকৌ শাৰিৰীকভাৱে অসুস্থ হৈ মৃত্যুমুখত পৰিছে । কিন্তু তেওঁলোকে সেইবোৰ নেদেখে । বৰং কৃষকৰ ওপৰত মিছা গোচৰ জাপি দিছে । কৃষক আন্দোলনৰ ফলত কৃষকৰ আত্মসন্মান বৃদ্ধি হৈছে । এই আন্দোলনে কৃষকৰ ৰাজনৈতিক শক্তি দেশত পুনৰবাৰ স্থাপিত কৰিছে । এই আন্দোলনে কৃষকসকলক একত্ৰিত হোৱাৰ শিক্ষা দিলে । এই উপলব্ধি হৈছে এই আন্দোলনৰ ফলত- বুলি যাদৱে কয় ৷