অসম

assam

ETV Bharat / state

APSC scam in Assam: আকৌ আৰম্ভ হ'ব ন্যায়িক যুঁজ - বিপ্লৱ কুমাৰ শৰ্মা আয়োগ

‘‘বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ এদিন পূৰ্বেই বক্ৰপথেৰে চাকৰি লোৱা কেইবাজনো ACS বিষয়াক নাটকীয়ভাৱে পদোন্নতি দিলে চৰকাৰে । প্ৰতিবেদন দাখিলৰ পাছতো প্ৰতিবেদনত নাম থকা ১১ গৰাকী APS বিষয়াকক ১৮ জুনত Time Scale ৰে পুৰস্কৃত কৰিলে । APSC চাকৰি কেলেংকাৰীয়ে নহয় ই মাটি কেলেংকাৰী আৰু যৌন কেলেংকাৰী ৷’’ Fight against injustice of APSC ৰ প্ৰশাসক মানস প্ৰতিম বৰুৱাৰ বিস্ফোৰক মন্তব্য

Judicial battle will resume against APSC scam
APSC কেলেংকাৰীক লৈ আকৌ আৰম্ভ হ'ব ন্যায়িক যুঁজ

By

Published : Jul 25, 2022, 9:10 PM IST

গুৱাহাটী, 25 জুলাই: পুনৰ আৰম্ভ হ'ব APSC কেলেংকাৰীৰ ন্যায়িক যুঁজ (APSC scam in Assam) ৷ APSC কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে Fight against injustice of APSC ৰ প্ৰশাসক মানস প্ৰতিম বৰুৱাই (Judicial battle will resume against APSC scam) ৷

তেঁও সংবাদমাধ্যমৰ আগত কয়, "আমি অপেক্ষা কৰিলোঁ ৷ এইখন অসম চৰকাৰে বঢ়োৱা কমিটী নাছিল, তথাপিও আমি অপেক্ষা কৰিলোঁ ৷ অচিৰেই আমি পৰ্যাক্ৰমে এই বিষয়ত আইনী যুঁজ চলাম ৷ যোৱা 20 মে'ৰ পৰা 20 জুলাইলৈকে তেওঁলোকে কিবা কাম কৰিলেনে কোনোবাই কিবা গম পায়নে ? আজিলৈকে এখন ৰাজহুৱা জাননী প্ৰকাশ নকৰিলে ৷ সমগ্ৰ বিষয়টোক তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰা যেন হে লগা হৈছে ৷ আজাদী কি মহোৎসৱ যিমানেই নহওক কিয় কৰবাত নহয় কৰবাত ৰাজনৈতিক নেতাসকলৰ মানসিকতা পৰিৱৰ্তন হোৱা নাই ৷ চৰকাৰৰ যথোপযুক্ত সদিচ্ছাৰ অভাৱ এ পি এছ চি কেলেংকাৰীত ৷"

APSC কেলেংকাৰীক লৈ আকৌ আৰম্ভ হ'ব ন্যায়িক যুঁজ

লগতে তেওঁ কয় যে, বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ এদিন পূৰ্বেই বক্ৰপথেৰে চাকৰি লোৱা কেইবাজনো ACS বিষয়াক নাটকীয়ভাৱে পদোন্নতি দিলে চৰকাৰে । প্ৰতিবেদন দাখিলৰ পাছতো প্ৰতিবেদনত নাম থকা ১১ গৰাকী APS বিষয়াকক ১৮ জুনত Time Scale ৰে পুৰস্কৃত কৰিলে । প্ৰতিবেদন দাখিল কৰাৰ ১০০ দিন উকলি যোৱাৰ পিছতো বৰ্তমানেও বক্ৰপথে চাকৰি লোৱা ৩৪ বিষয়াই বুকু ফিন্দাই চাকৰি কৰি আছে । নতুন চৰকাৰৰ ডেৰ বছৰ অতিক্ৰম কৰাৰ সময়ত যথেষ্ঠ তথ্য উদঘাটন হোৱাৰ পাছতো APSC ৰ তদন্তক লৈ কোনো স্থিতি গ্ৰহণ কৰা নাই মুখ্যমন্ত্ৰীয়ে ।

তদন্তকাৰী বিষয়া সুৰজিৎ সিঙ পানেচৰে প্ৰমাণ থকাৰ পাছতো ৰাজনৈতিক হেঁচাৰ বাবে তদন্ত আধাতেই স্তব্ধ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে মানস প্ৰতিম বৰুৱাই । তেওঁ কয় যে, তাৎপৰ্যপূৰ্ণভাৱে এগৰাকী ন্যায়াধীশৰ তদন্তকো সন্মান নিদিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । APSC চাকৰি কেলেংকাৰীয়ে নহয় ই মাটি কেলেংকাৰী আৰু যৌন কেলেংকাৰী বুলি মন্তব্য প্ৰকাশ কৰি বৰুৱাই অতি শীঘ্ৰেই ইয়াৰ বিৰুদ্ধ আইনী যুঁজ দিয়া হ'ব বুলি সকিয়নী দিয়ে ৷

লগতে পঢ়ক:APSC ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত : ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন সাজু

ABOUT THE AUTHOR

...view details