গুৱাহাটী, 9 জুন:ক্ৰমাৎ সমাগত ২০২১ৰ অসম বিধানসভা নিৰ্বাচন । নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ উঠিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ পিছ পৰি ৰোৱা নাই গেৰুৱা বাহিনীও । বিশ্বত কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে পৰিস্থিতিৰ লগত খাপ খোৱাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰণনীতি তৈয়াৰত ব্যস্ত হৈ পৰিছে ৰাজ্যিক বিজেপি । ন ন চমকৰ লগতে বিজেপিয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে সম্বোধন কৰিব ভাৰ্চুৱেল ৰেলী ।
উল্লেখ্য যে, ১৪ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দিল্লীৰ পৰা সম্বোধন কৰিব প্ৰথমখন ভাৰ্চুৱেল ৰেলী। ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব প্ৰথমখন ভাৰ্চুৱেল ৰেলী। য’ত ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে উপস্থিত থাকিব দলীয় কাৰ্যকৰ্তাসকল ৷ ভাৰ্চুৱেল ৰেলীটো চ’ছিয়েল মিডিয়া,দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হ’ব । ভাৰ্চুৱেল ৰেলী এক প্ৰকাৰৰ অনলাইন সভা য’ত ঘৰতে বহি বিজেপি সমৰ্থকসকলে এই সভাত অংশগ্ৰহণ কৰিব পাৰিব ।