অসম

assam

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 9:59 PM IST

ETV Bharat / state

সাংবাদিকক অপদস্থ কৰা জিলা আয়ুক্তক অপসাৰণৰ দাবীত প্ৰতিবাদ

নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সাংবাদিকক নিৰ্যাতন কৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত হাতে হাতে প্লে’ কাৰ্ড লৈ শতাধিক সাংবাদিকে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰি আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷

Journalist protest in Guwahati against DC atrocities
গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত প্ৰতিবাদ

গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত প্ৰতিবাদ

গুৱাহাটী, ৬ জানুৱাৰী : জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থ কৰা নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ শতাধিক সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল ৷ স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ বিচাৰি দহ বছৰে তাঁতবাতি কৰা এগৰাকী মহিলাক সহায় কৰিবলৈ গৈ কালি আয়ুক্তৰ দ্বাৰা শাৰিৰীকভাৱে অপদস্থ হ’বলগা হৈছিল এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিক দীপাংকৰ মেধি ৷ যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়ত কোনো ফাইল পৰি থাকিব নোৱাৰিব বুলি সকলো চৰকাৰী বিভাগক নিৰ্দেশ দিছিল তেনে সময়তে দহ বছৰে মহিলাগৰাকীয়ে স্বামীৰ মৃত্যুৰ প্ৰমাণপত্ৰ বিচাৰি তাঁতবাতি কৰিবলগা হৈছে । মহিলাগৰাকী অভিযোগৰ পিচতে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত বুজ ল’বলৈ যোৱা সাংবাদিকগৰাকীক নগাঁও আয়ুক্তই সহযোগিতা কৰাৰ পৰিৱৰ্তে অপদস্থ কৰা লগতে শাৰিৰীকভাৱে আক্ৰমণ কৰে । আনহে নালাগে চোৰ-ডকাইতক নিয়াৰ দৰে চোঁচৰাই নিয়া দৃশ্য ভাইৰেল হোৱাৰ পাচতে ৰাজ্যজুৰি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰা লগতে আয়ুক্তগৰাকী এনে কাৰ্য্যক ধিক্কাৰ দিয়ে ৷

শনিবাৰে গুৱাহাটী মহানগৰৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰি আয়ুক্তগৰাকীৰ শাস্তিৰ দাবী তোলে ৷ হাতে হাতে প্লে’কাৰ্ড লৈ সাংবাদিক দিপাংকৰ মেধিক ন্যায় প্ৰদান কৰাৰ লগতে আয়ুক্তগৰাকীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৷ প্ৰায় শতাধিক সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰি সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰা দাবী তোলে । নগাঁৱৰ দৰে এখন ঐতিহাসিক, সাংস্কৃতিক জিলাৰ এগৰাকী মূৰব্বী হৈ সামান্যতম শালীনতা নথকা নৰেন্দ্ৰ কুমাৰ শ্বাহ অসমৰ কলা-সংস্কৃতি, বায়ু-পানীৰ লগত অভ্যস্ত নহয় । সেয়ে তেওঁক তাৎক্ষণিকভাৱে অসমৰ পৰা অপসাৰণ কৰিবলৈ দাবী উত্থাপন কৰে সাংবাদিকসকলে ।

আনহাতে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ হস্তক্ষেপ বিচাৰে সাংবাদিকসকলে ৷ শীঘ্ৰে এইগৰাকী আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহক ইয়াৰ পৰা অপসাৰণৰ দাবীৰ লগতে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তোলে প্ৰতিবাদী সাংবাদিকসকলে ৷ অভিযোগ অনুসৰি, এইগৰাকী নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে আছে বহু অভিযোগ ৷ নগাঁও বাৰ এছ’চিয়েচনৰ সদস্যৰ সৈতেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে ৷ সেয়াই নহয় বিভিন্ন সময়ত নিজৰ সমস্যাৰ বাবে আয়ুক্তৰ কাৰ্যালয়লৈ যোৱা সাধাৰণ লোকৰ ক্ষেত্ৰতো এনে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এনেবোৰ অভিযোগ থকা এইগৰাকী আয়ুক্তই সাংবাদিকৰ পৰা নিজক বচাই ৰাখিবলৈ ভয় ভাবুকি প্ৰদান কৰাই নহয় এইবাৰ সাংবাদিকক প্ৰহাৰ কৰিবলৈয়ো ভয় নকৰিলে ৷ সাংবাদিক দীপাংকৰ মেধিক প্ৰহাৰ কৰা ঘটনাৰ পাচতে এনেদৰে প্ৰতিবাদৰ সন্মুখীন হৈছে আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ।

লগতে পঢ়ক :নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details