গুৱাহাটী, ২১ জানুৱাৰী: প্রতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰে ২৬ জানুৱাৰীত প্ৰদান কৰিব 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা' । ২০২১ বৰ্ষৰ গণৰাজ্য দিৱস সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে জ্যেষ্ঠ সাংবাদিক অতীন দাসলৈ । তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ সৌজন্যত গণৰাজ্য দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব । এই বঁটাত আছে এখন প্রশস্তি পত্র, স্মাৰক, অংগ বস্ত্র, এখন শৰাই, গামোছা আৰু এক লাখ টকা ।
উল্লেখ্য যে, ১৯৬২ চনত এখন ৰাষ্টীয় দৈনিক কাকতৰ সৈতে জড়িত হৈ সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা অতীন দাসে ১৯৬৬ চনত শিলচৰৰ পৰা প্ৰকাশিত 'বৰাক' নামৰ এখন সাপ্তাহিক কাকত সম্পাদনা কৰে । ১৯৭০ চনৰ পৰা 'সাপ্তাহিক যুগশঙ্খ' কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কার্যনির্বাহ কৰি, তেওঁ ১৯৯০ চনৰ পৰা ২০০৪ চনলৈ 'দৈনিক যুগশঙ্খ'ৰ সম্পাদকৰ দায়িত্ব পালন কৰে । পিছত এবছৰৰ বাবে দাসে গুৱাহাটীৰ পৰা প্রকাশিত 'দৈনিক সংবাদ লহৰী' কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰে ।