গুৱাহাটী, ৯ নবেম্বৰঃ ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোঁৱৰক সোমবাৰে অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নেলিষ্ট এছচিয়েছনে সম্বৰ্ধনা জনায়। মহানগৰীৰ গণেশগুৰিস্থিত অম্বৰিশ হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নেলিষ্ট এছচিয়েছনৰ সম্পাদক বিপুল বৰ্মনে। অনুষ্ঠানত উপস্থিত থাকে বোকাজান সমষ্টিৰ বিধায়ক তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ডাঃ নোমল মমিনসহ বহুকেইগৰাকী প্ৰাক্তন খেলুৱৈ, ক্ৰীড়া সংগঠকৰ লগতে ক্ৰীড়া সাংবাদিকসকল। অনুষ্ঠানৰ মধ্যমণি তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে বিগত দিনসমূহত ৰাজ্যিক ক্ৰীড়া সন্থা, জিলা ক্ৰীড়া সন্থা তথা বিভিন্ন ক্ৰীড়া অনুষ্ঠান আৰু ক্লাবসমূহৰ পৰা পোৱা সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা জনায়।
ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতিক সম্বৰ্ধনা
ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতি লক্ষ্য কোঁৱৰক সোমবাৰে অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্নেলিষ্ট এছচিয়েছনে সম্বৰ্ধনা জনায়।
ভাৰতীয় এথলেটিকছ ফেডাৰেছনৰ নৱ নিৰ্বাচিত উপ-সভাপতিক সম্বৰ্ধনা
অনাগত দিনটো সকলোৰে পৰা সহায়-সহযোগিতা কামনা কৰি কোঁৱৰে লগতে কয় যে, অসম অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি দিনক দিনে আগবাঢ়ি গৈ আছো। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে লক্ষ্য কোঁৱৰক শুভেচ্ছা জনাই ভাষণ প্ৰদান কৰে।
লগতে পঢ়ক :JEE পৰীক্ষা কেলেংকাৰীঃ ১২ দিনৰ ন্যায়িক জিম্মালৈ ভাৰ্গৱ ডেকা