গুৱাহাটী, ৩০ নৱেম্বৰ:গোলাঘাট ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষাৰ সম্পাদক অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটন বিশ্ববিদ্যালয় শিক্ষাৰ্থী সমাজ । অনিমেষৰ হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক উচিত আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবী(Justice for animesh bhuyan)ত কটন বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মঙলবাৰে মুখত ক'লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ (black block protest) ৷
বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত অনিমেষ ভূঞা ন্যায়ৰ দাবী(Demanding justice for Animesh bhunya)ত হাতে হাতে প্লে-কাৰ্ড লৈ কটনিয়ানে ৰূপায়ন কৰে মৌন মানৱ শৃংখল কাৰ্যসূচী(Cottonian protest) । মানৱ শৃংখলত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোৰহাটৰ গণহত্যাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে অনিমেষ ভূঞালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Tribute to animesh bhuyan) ।