গুৱাহাটী, 4 মাৰ্চ: গোপন সূত্ৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে চলোৱা অভিযানত বুধবাৰে আৰক্ষীৰ জালত পৰিল অবৈধভাৱে খাৰুৱা তেল কঢ়িয়াই নিয়া এখন টেংকাৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ছামচাদ আলমৰ নিৰ্দেশত অনিল ৰাম নামৰ এজন বিহাৰৰ চালকে 32 হাজাৰ লিটাৰতকৈ অধিক খাৰুৱা তেল ভৰ্তি NL-02 AC 2523 নম্বৰৰ টেংকাৰখন ঝাৰখণ্ড পৰা অবৈধভাৱে ডিমাপুৰলৈ লৈ গৈ থকাৰ তথ্য লাভ কৰিছিল ইণ্ডিয়ান অইলে ৷ এই খবৰ পোৱাৰ পাছতেই গুৱাহাটী মহানগৰ আৰক্ষীক সমগ্ৰ কথা অৱগত কৰিছিল ইণ্ডিয়ান অইলে ৷ ইয়াৰ পাছতেই যোৰবাট আৰক্ষীয়ে চলোৱা অভিযানত চালক সহ আৰক্ষীৰ জালত পৰে তেলভৰ্তি টেংকাৰখন ৷
যোৰাবাট আৰক্ষীৰ জালত অবৈধ খাৰুৱা তেল ভৰ্তি টেংকাৰ - 32 হাজাৰ লিটাৰতকৈ অধিক সাৰুৱা তেল ভৰ্তি NL-02 AC 2523 নম্বৰৰ টেংকাৰখন জব্দ
যোৰাবাট আৰক্ষীৰ জালত অবৈধ ভাৱে খাৰুৱা তেল কঢ়িয়াই নিয়া এখন টেংকাৰ ৷ 32 হাজাৰ লিটাৰতকৈও অধিক খাৰুৱা তেল আছিল টেংকাৰখনত ৷

যোৰাবাট আৰক্ষীৰ জালত অবৈধ খাৰুৱা তেল ভৰ্তি টেংকাৰ
যোৰাবাট আৰক্ষীৰ জালত অবৈধ খাৰুৱা তেল ভৰ্তি টেংকাৰ
উল্লেখ্য যে ঝাৰখণ্ড পৰা ডিমাপুৰলৈ গৈ থকা খাৰুৱা তেলভৰ্তি টেংকাৰখন ছামচাদ আলমৰ নিৰ্দেশত বাগোৰীৰ পৰা ডিমাপুৰলৈ নগৈ পুনৰ বগোৰীৰ পৰা গুৱাহাটীলৈ উভতি আহিছিল ৷ এই খবৰ লাভ কৰিছিল ইণ্ডিয়ান অইলে ৷ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমান টেংকাৰখনৰ চালকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি চালকজনক সোধ-পোচ অব্যাহত ৰাখিছে যোৰাবাট আৰক্ষীয়ে ৷
লগতে পঢ়কঃতেলেংগানাত কৰ’ণাৰ আতংক
TAGGED:
oil tanker recoverd