গুৱাহাটী, 10 জুন : গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ অবৈধ কফ চিৰাপ (cough syrup) জব্দ কৰে আৰক্ষীয়ে ৷ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে 55 লাখৰো অধিক বজাৰ মূল্যৰ অবৈধ কফ চিৰাপ ৷ নাৰেংগীৰ পৰা যোৰাবাট অভিমূখী NL-01-AB-9942 নম্বৰৰ এখন ট্ৰাকৰ পৰা 270 কাৰ্টন কফ চিৰাপ জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
আৰক্ষীয়ে সদৰি কৰা মতে, নাৰেংগীৰ ফৰেষ্ট গেটত ভাড়াতীয়া হিচাপে থকা যোগীঘোপাৰ ট্ৰাকখনৰ চালক জাকিৰ হুছেইনে ৰঙালাও কঢ়িয়াই আনিছিল । কিন্তু ট্ৰাকখনত বৃহৎ পৰিমাণৰ অবৈধ কফ চিৰাপ থকাৰ উমান পাই অভিযান চলায় যোৰাবাট আৰক্ষীয়ে ।