অসম

assam

ETV Bharat / state

যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দঃ দুজনক আটক - AS-19C-7687 আৰু UP-61AT-2324

মেঘালয়ৰ বৰ্নিহাটৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে নি থকা অৱস্থাত AS-19C-7687 আৰু UP-61AT-2324 নম্বৰৰ দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে।

যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দঃ দুজনক আটক

By

Published : Nov 1, 2019, 3:11 PM IST

গুৱাহাটী,1 নৱেম্বৰঃ ৰাজ্যত এতিয়াও অব্যাহত আছে অবৈধ কয়লাৰ চোৰাং সৰবৰাহ। যোৰাবাট আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আৰক্ষী চকীৰ সমুখত চলোৱা এক বিশেষ অভিযানত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে। মেঘালয়ৰ বৰ্নিহাটৰ পৰা গুৱাহাটীৰ বেলতলা অভিমুখে নি থকা অৱস্থাত AS-19C-7687 আৰু UP-61AT-2324 নম্বৰৰ দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। অবৈধ কয়লা ভৰ্তি ট্ৰাক চালক অফিচাৰ আলী আৰু নৱসাদ আহমেদকযোৰাবাট আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে।

যোৰাবাটত দুখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দঃ দুজনক আটক
আনহাতে ট্ৰাক চালক নৱসাদ আহমেদে কয় যে সুৰেন্দ্ৰ নামৰ কয়লা মাফিয়াই ট্ৰাক সমূহত কয়লা ভৰ্তি কৰি সৰবৰাহ কৰিবলৈ দিয়ে ৷ কিন্তু কোন এই সুৰেন্দ্ৰ ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ABOUT THE AUTHOR

...view details