গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ প্ৰথমবৰ্ষৰ অভুতপূৰ্ব সফলতাৰ পিছত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত আয়োজিত হৈছে দ্বিতীয় জোনাকী চলচ্চিত্ৰ মহোৎসৱ ৷ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱখনিত প্ৰদৰ্শিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ছবি ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰে শুভাৰম্ভণি কৰা হয় জোনাকী চলচ্চিত্ৰ মহোৎসৱৰ ৷ নৱাগত ছবি নিৰ্মাতা আৰু কলা-কুশলীসকলক উৎসাহিত কৰাৰ লগতে নৱপ্ৰজন্মক ছবিৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যে যোৱাবেলিৰ দৰে এইবেলিও আয়োজন কৰা হৈছে এই ছবি মহোৎসৱৰ ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত শুভাৰম্ভণি দ্বিতীয় ‘জোনাকী’ৰ - CAMPUS
শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত আয়োজিত হৈছে দ্বিতীয় জোনাকী চলচ্চিত্ৰ মহোৎসৱ ৷ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱখনিত প্ৰদৰ্শিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ছবি ৷
এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিক বিভাগৰ সচিব মাধুৰীমা বৰুৱা, সঞ্চালক বিষ্ণু কমল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিব দিলীপ বৰা, কণ্ঠশিল্পী নিলোৎপল বৰা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছবি জগতৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ আনহাতে এই ছবি মহোৎসৱৰ প্ৰথম দিনটোত মাজৰাতি কেতেকী, বৰনদী ভটিয়াই, কেলেণ্ডাৰ আদি ছবিৰ প্ৰদৰ্শন কৰা হয় ৷ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই আশাশুধীয়া প্ৰচেষ্টাক সঁহাৰি জনাই যোৱা বৰ্ষৰ দৰে এইবাৰো বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সমাগম ঘটিছে ৷ উল্লেখ্য যে ছবি প্ৰদৰ্শনৰ লগতে বিভিন্ন ছবি বিষয়ক কৰ্মশালা তথা এনিমেছনৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয় ৷
আৰু পঢ়কঃৰামায়ণক সংস্কৃতৰ পৰা অসমীয়ালৈ পদানুবাদ সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীৰ