গুৱাহাটী, 21 ফেব্ৰুৱাৰী :গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বিতীয়বাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ছবি মহোৎসৱ ৷ 28 আৰু 29 ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই ছবি মহোৎসৱৰ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত জোনাকী ফিল্ম ফেষ্টিভেলকলৈ দেখা গ'ল ব্যাপক প্ৰস্তুতি ৷ অসমৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক কেইবাখনো ছবি এই মহোৎসৱত প্ৰদৰ্শিত হ'ব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ লগতে আমিষ, বুলবুল কেন ছিং, বৰনদী ভঁটিয়াই আদিৰ লগতে বড়ো, মিচিং আৰু অৰুণাচলী ছবিও প্ৰদৰ্শন কৰা হ'ব বুলি মন্তব্য কৰে আয়োজকে ৷ এই ছবি মহোৎসৱৰ লগত সংগতি ৰাখি কুইজ আৰু চুটি ছবি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । ইতিমধ্যেই আৰম্ভ হৈছে ছবি মহোৎসৱখনৰ পঞ্জীয়ন প্ৰক্ৰিয়া । উল্লেখ্য যে, এই মহোৎসৱৰ জৰিয়তে ছবি নিৰ্মাতা আৰু নৱাগত শিল্পীৰ অপূৰ্ব সমাহাৰ ঘটিব গুৱাহাটী বিশ্ববিদ্যালয়ত ।
'জোনাকী'ৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয় - গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব ছবি মহোৎসৱ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব ছবি মহোৎসৱ ৷ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কেইবাখনো ছবিৰ সমাহাৰ ঘটিব মহোৎসৱত ।
'জোনাকী'ৰ বাবে সাজু গুৱাহাটী বিশ্ববিদ্যালয়