অসম

assam

Joint Meeting of BJP-AGP Spokespersons : বিজেপি আৰু অসম গণ পৰিষদৰ মুখপাত্ৰসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:59 PM IST

বৃহস্পতিবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপি আৰু অসম গণ পৰিষদৰ এক বৈঠক অনুষ্ঠিত হৈ যায় ৷ দুয়োটা দলৰ মুখপাত্ৰ সকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ৷

Joint Meeting of BJP AGP Spokespersons
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

বিজেপি আৰু অসম গণ পৰিষদৰ মুখপাত্ৰসকলৰ বৈঠক

গুৱাহাটী, 7 ছেপ্টেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনক লৈ সাজু ৰাজ্যিক বিজেপি ৷ বিজেপিৰ লগতে মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰো দেখা গৈছে বিশেষ তৎপৰতা ৷ বৃহস্পতিবাৰে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপি আৰু অসম গণ পৰিষদৰ এক বৈঠক অনুষ্ঠিত হৈ যায় ৷ দুয়োটা দলৰ মুখপাত্ৰ সকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ৷

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি আৰু অসম গণ পৰিষদ দলৰ মুখপাত্ৰ সকলৰ যুটীয়া বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ এই বৈঠকত উপস্থিত থাকে সাংসদ তথা দলৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ পল্লৱ লোচন দাস, মনোজ বৰুৱা, পংকজ বৰবৰুৱা, জুৰি শৰ্মা বৰদলৈ, সুভাষ দত্ত ৷ অসম গণ পৰিষদ দলৰ হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, তপন দাস সহ বহু কেইগৰাকী মুখপাত্ৰ প্ৰতিনিধি হিচাবে উপস্থিত থাকে ৷ মূলতঃ বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত অতিৰঞ্জিত বাতৰি পৰিৱেশন সন্দৰ্ভতো আলোচনা কৰা হৈছে এই বৈঠকত ৷

বৈঠকৰ পাছতে দল দুটাৰ মুখপাত্ৰ সকলে যৌথ সংবাদমেল সম্বোধন কৰি কয় যে আমি মিত্ৰজোঁটে একেলগে কাম কৰি আহিছো ৷ আমাৰ প্ৰচেষ্টা অধিক শক্তিশালী আৰু সুসংগঠিত ৰূপত আগুৱাই নিয়াৰ বাবে মুখপাত্ৰসকলৰ মাজত আজি কিছু আলোচনা হয় ৷ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ চিন্তাক ইতিবাচক ৰূপত ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িম ৷ ইউ পি পিএলৰ সৈতেও আমি পৰৱৰ্তী সময়ত মিলিত হম ৷ মিত্ৰজোঁটৰ ফালৰ পৰা কেনেধৰণে ইতিবাচক কথাবোৰ জনতাৰ মাজলৈ লৈ যাম তাৰ বাবে আলোচনা কৰা হয় বুলি মন্তব্য কৰে তেওঁলোকে ৷

13 ছেপ্টেম্বৰত অসম গণ পৰিষদৰ কাৰ্যালয়ত ইয়াৰে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে দল দুটাৰ মুখপাত্ৰসকলে ৷ তেওঁলোকে কয় যে, আমাৰ লক্ষ্য এটাই- চৰকাৰৰ উন্নয়নমূলক কাম-কাজ খিনি যাতে জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰি ৷ লগতে কয় যে সামাজিক মাধ্যমকো অধিক সক্ৰিয় কৰাৰ চিন্তা কৰা হৈছে ৷ সাম্প্ৰতিক সময়ৰ বিষয়বোৰো আলোচনা হৈছে ৷ কিছু কৌশলগত কথা থাকিব ৷ গতিকে আমি যৌথভাৱে এই কথাখিনি আগবঢ়াম ৷ নেতিবাচক কথাৰে জনসাধাৰণক বিভ্ৰান্ত কৰাই হৈছে বিৰোধীৰ কাম গতিকে আমি ইতিবাচক কথাখিনি ৰাইজৰ মাজলৈ লৈ যাম বুলি মন্তব্য কৰে তেওঁলোকে ৷

লগতে পঢ়ক :CPIM Protest in Guwahati : মূল্যবৃদ্ধি ৰোধকে ধৰি একাধিক দাবীত গুৱাহাটীত চি পি আই এমৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details