গুৱাহাটী , 23 ডিচেম্বৰঃসোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে জইন্ট একচন কমিটি অৱ ৰিক'গ্লাইজড ইউনিয়নে ৷ নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালে ক্ষমতালৈ আহিলে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ কাৰ্যক্ষম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও শাসনলৈ আহিয়েই দুয়োটা কাগজ কল বন্ধ কৰাৰহে প্ৰক্ৰিয়া আৰম্ভ কৰিলে বুলি ক্ষোভ উজাৰে সংগঠনটোৰ নেতৃত্বই ৷ লগতে সংগঠনটোৱে অভিযোগ উত্থাপন কৰে যে, শাসনলৈ অহাৰ পাছত বিজেপি চৰকাৰে দেশৰ সকলো ৰাজহুৱা খণ্ড নিজৰ পছন্দৰ ব্যক্তিৰ হাতত গতাই আছে । সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনৰ বাবেও চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ।
নিজৰ পছন্দৰ ব্যক্তিক ৰাজহুৱা খণ্ড গতাই আছে বিজেপি চৰকাৰে - বিজেপি চৰকাৰক সমালোচনা
সংবাদমেলযোগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিলে জইন্ট একচন কমিটি অৱ ৰিক'গ্লাইজড ইউনিয়নে ৷ নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰাৰ প্ৰক্ৰিয়া বিজেপি চৰকাৰেই আৰম্ভ কৰিলে বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷
বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা জইন্ট একচন কমিটিৰ