গুৱাহাটী, ৩০ আগষ্ট: বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশেষ যোগদান কাৰ্যসূচী । তিতাবৰ পৌৰসভাৰ ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনৰ পুনৰ আনুষ্ঠানিক যোগদান ভাৰতীয় জনতা পাৰ্টীত । দুদিন পূৰ্বেই বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল দুয়োগৰাকীয়ে । বুধবাৰে পুনৰ বিজেপি দলত যোগদান কৰে ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনে ।
এই যোগদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ পল্লৱ লোচনকে ধৰি কেইবাগৰাকীও ন-পুৰণি বিজেপি কৰ্মী । এই যোগদান কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই । লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰা দেখা যায় ।
মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি দলে দলৰ কথা চিন্তা কৰে । কংগ্ৰেছ দলে নিজৰ কথা চিন্তা কৰে । যাৰ বাবে ৰাজীৱ ভৱনটো বনাব নোৱাৰিলে । কাৰ্যালয়টোৰ অৱস্থা নাই । কিন্তু দলৰ নেতাসকলৰ নিজৰ ঘৰ কেইটা ডাঙৰ ডাঙৰ । দিল্লীটো কাৰ্যালয়ৰ একেই অবস্থা । মই মন্ত্ৰীহিচাপে দলত প্ৰতি মাহে ২৫ হাজাৰ টকা বৰঙণি দিওঁ । বিধায়ক এজনে ১০ হাজাৰ টকা দিয়ে । লগতে কাৰ্যকৰ্তা তথা শুভাকাংক্ষীয়েও বৰঙণি দিয়ে । সকলোৰে বৰঙণিৰে আমি বিজেপি কাৰ্যালয় বনাইছো । কিন্তু কংগ্ৰেছত আমাক এই শিক্ষা দিয়া নাছিল ।’’
তেওঁ আৰু কয় যে কংগ্ৰেছ দলে শুভাকাংক্ষীৰ বৰঙণিও পকেটত ভৰাই । ‘‘চমজদাৰ কে লিয়ে ইছাৰা কাফি হ্যে’’ ৷ লগতে দেৱব্ৰত শইকীয়ালৈ অনুৰোধ জনাই কয়, ‘‘ব্যক্তিগত পৰ্যায়ত মন্তব্য নকৰিব । দেৱব্ৰত শইকীয়াই সীমা পাৰ হৈ গ’লে, পুনৰ আমি তাতকৈ বেছি পাৰ হৈ যাম । তেতিয়া গাত কাপোৰ নাথাকিব ।’’