অসম

assam

ETV Bharat / state

আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই - আঞ্চলিক ৰাজনৈতিক শক্তি

কা' আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী ৷ প্ৰাক্তন চৰকাৰীৰ উচ্চপদস্থ বিষয়াৰ পৰা ছাত্ৰ নেতালৈকে ৷ কোনে কোনে যোগ দিলে এজেপিত ?

join-program-of-ajp-at-guwahati
এজেপিৰ যোগদান কাৰ্যসূচী

By

Published : Dec 9, 2020, 9:08 PM IST

গুৱাহাটী, 9 ডিচেম্বৰ : লক্ষ্য 2021 ৰ অসম বিধান সভা নিৰ্বাচন ৷ এফালে শাসকীয় দল বিজেপি-অগপ আনফালে প্ৰধান বিৰোধী শক্তি কংগ্ৰেছ-এআইইউডিএফৰ লগতে কা' আন্দোলনৰ পটভূমিত উত্থান ঘটা অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তি ৷ অসমৰ প্ৰত্যেক ৰাজনৈতিক দ'লেই ইতিমধ্যে 2021 ৰ বাবে সাংগঠনিক কোছকাৱাজ আৰম্ভ কৰিছে ৷

ইয়াৰ সমান্তৰালভাৱে কা' আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী ৷ বুধবাৰে গুৱাহাটীৰ লেম্ব ৰোডস্থিত মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে অসম জাতীয় পৰিষদে । এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও প্ৰাক্তন চৰকাৰী উচ্চপদস্থ বিষয়া, ছাত্র নেতা আৰু শ্ৰমিক নেতাই আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে ।

এজেপিৰ যোগদান কাৰ্যসূচী

এজেপিত যোগদান কৰা ব্যক্তিসকল ক্ৰমে অৱসৰপ্ৰাপ্ত আয়ুক্ত চামশ্বেৰ সিং, নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক হৰেন্দ্ৰ নাথ ভূঞা, ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অৱসৰপ্ৰাপ্ত অভিযন্তা ভূৱন শৰ্মা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব পি কে ভাগৱতী, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক প্ৰদীপ ৰঞ্জন কৰ, আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক প্ৰিন্স ফাইজুল হক, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ প্ৰাক্তন উপ-সভাপতি দেৱজিৎ অধিকাৰী, নলবাৰী আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক অবিনাশ শৰ্মা, প্ৰাক্তন আছু কৰ্মী সবিতা ডেকা, বে চৰকাৰী কৰ্মচাৰী সন্থাৰ সভাপতি জিত বৰা, পদপথ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক চন্দন গোস্বামী, হকাৰ সংস্থাৰ কাৰ্যকৰী সভাপতি দীপক কলিতা, চিপিআইৰ নেতা সন্তোষ কুমাৰ শাণ্ডিল্য আৰু কুকিল শৰ্মা আদি ।

উল্লেখ্য যে, এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য, বসন্ত ডেকা, মুখ্য সমন্বয়ক জগদীশ ভূঞা, ৰাজ্যিক আহ্বায়ক অদীপ ফুকন ৷

লগতে পঢ়কঃদ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ চিৰাঙত ব্যস্ততাপূৰ্ণ পৰিৱেশ

ABOUT THE AUTHOR

...view details