গুৱাহাটী,12 নৱেম্বৰ: দ্ৰুত গতিত বৃদ্ধি হোৱা জনসংখ্যা নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আত্মপ্ৰকাশ কৰা জনসংখ্যা সমাধান ফাউণ্ডেছনে বৃহস্পতিবাৰে দিশপুৰ প্ৰেছ ক্লাবত সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলখন সম্বোধন কৰি ফাউণ্ডেছনৰ অসম প্ৰান্তৰ অধ্যক্ষ শিৱপ্ৰসাদ শৰ্মাই একাংশ অদুৰদৰ্শী আৰু সুবিধাবাদী মৌলানাই ইছলাম ধৰ্ম ৰক্ষাৰ নামত ইছলামধৰ্মী লোকক জন বিস্ফোৰণৰ বাবে উৎসাহিত কৰি আহিছে বুলি অভিযোগ উত্থাপিত কৰে ৷
অশিক্ষিত মুছলমান পৰিয়ালত জনসংখ্যা বেছি: শিৱপ্ৰসাদ শৰ্মা - দিশপুৰ প্ৰেছ ক্লাব
জনসংখ্যা সমাধান ফাউণ্ডেছনৰ সংবাদমেল সম্বোধন ৷ দিশপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলখনৰ জৰিয়তে জনসংখ্যা নিয়ন্ত্ৰণ ৰোধ সম্পৰ্কত আলোচনা কৰা হয় ৷
![অশিক্ষিত মুছলমান পৰিয়ালত জনসংখ্যা বেছি: শিৱপ্ৰসাদ শৰ্মা JNF Press meet in guwahati assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9523238-thumbnail-3x2-a.jpg)
সংবাদমেলখনত উপস্থিত থাকি ফাউণ্ডেছনৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ঈপ্সিতা বৰুৱাই কয় যে, ২০১৭ চনৰপৰা সংস্থাটোৱে কঠোৰ আইন গ্ৰহণ কৰি, নীতি প্ৰণয়ন কৰি জনসংখ্যা নিয়ন্ত্ৰণ আইন সমগ্ৰ দেশতে কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে ৷ জন সাধাৰণৰ মাজত এই প্ৰক্ৰিয়া জনপ্ৰিয় আৰু গ্ৰহণযোগ্য কৰি তুলিবলৈ লগতে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমর্থনত দীপাৱলীৰ দিনটোত সংস্থাটোৱে সমগ্ৰ দেশব্যাপী সংকল্প দিৱস অনুষ্ঠিত কৰিব ৷ জেএসএফ নামৰ সংস্থাটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীক জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে স্বাক্ষৰ অভিযানত অংশগ্ৰহণৰে এই সুযোগ লবলৈ আহ্বান জনাইছে ৷ গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰ জেইল ৰোডত ১৩ নৱেম্বৰত কেন্দ্ৰীয়ভাৱে এই দিৱস অনুষ্ঠিত কৰা হ’ব ৷
লগতে চাওকঃসৰ্বা-হিমন্তই ৰাজনৈতিক পথাৰত সাম্প্ৰদায়িক প্ৰচাৰ চলাইছেঃ মনোৰঞ্জন তালুকদাৰ