নিউজ ডেস্ক/গুৱাহাটী, 18 জানুৱাৰী:গুৰুতৰভাৱে অসুস্থ কাব্যঋষি নীলমনি ফুকন(Nilmani Phookan Ill) ৷ মঙলবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে কাব্যঋষিগৰাকীৰ ৷ বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত নিজা বাসগৃহৰ পৰা গুৱাহাটীৰ সঞ্জীৱনী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে জ্ঞানপীঠ বিজয়ী নীলমনি ফুকনক(Jnanpith awardee Nilmani Phookan) ৷
উল্লেখ্য যে, বিগত বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছে যশস্বী কবিগৰাকী ৷ প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে দূপৰীয়া 2 মান বজাৰ পৰা হঠাৎ অধিক অসুস্থ হৈ পৰে কাব্যঋষিগৰাকী(Nilmani Phookan health condition deteriorates) ৷ ইয়াৰ পিচতেই কবিগৰাকীৰ জ্যেষ্ঠ চিকিৎসক পুত্ৰ জ্যোতিৰ্ময় ফুকনৰ নেতৃত্বত সঞ্জীৱনী হাস্পতালৰ চিকিৎসক ডাঃ প্ৰীতম কুমাৰ বৰঠাকুৰকে ধৰি নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ দলে অব্যাহত ৰাখিছিল চিকিৎসা ৷
আনহাতে, বৰ্তমানলৈকে কবিগৰাকীৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই বুলিও জানিব পৰা গৈছে ৷ বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লৈছিল পৰিয়ালৰ লোকে ৷ লগতে ICUত থকা সকলো ব্যৱস্থা কৰা হৈছিল নিজা বাসগৃহতে ৷ মঙলবাৰৰ পৰা কৃত্ৰিম অক্সিজেন প্ৰদান কৰি থকা হৈছিল কবিগৰাকীক(Nilmani Phookan under going treatment) ৷ যশস্বী কবি, কাব্যঋষি নীলমনি ফুকনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ খবৰ লাভৰ পিচতেই এতিয়া উদ্বিগ্ন হৈ পৰিছে অনুৰাগীসকল ৷ সকলোৱে কবিগৰাকী পুনৰ সুস্থ হৈ উঠাৰ বাবে জনাইছে প্ৰাৰ্থনা ৷