গুৱাহাটী, 1 জুলাই :গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ(Jamaat ul Mujahideen Bangladesh) সদস্য । ধৃত সদস্যজনৰ নাম ইনামুল হক বুলি জানিব পৰা গৈছে । গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে দিছপুৰ এলেকাত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জামাতুল মুজাহিদীনৰ সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(JMB cadre arrested by Guwahati police) । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইনামুল হক দিছপুৰ লাষ্টগেটত থকা গেষ্ট হাউচ এটাৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল ৷
ইতিমধ্যে আৰক্ষীয়ে ইনামুল হকৰ পৰা জব্দ কৰিছে JMBৰ পেড আৰু বহু আপত্তিজনক নথি–পত্ৰ । দিছপুৰ আৰক্ষীৰ অভিযানত অসম আৰক্ষীৰ বিশেষ শাখাই সহয় কৰিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামাতুল মুজাহিদীনৰ সদস্যজনক গুৱাহাটী (পূৱ)ৰ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰখা হৈছে ।