গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: দেশৰ অন্যতম ধর্মীয় আৰু সামাজিক সংগঠন হিচাপে জামাত ই ইছলামী হিন্দৰ মহিলা শাখাই 'সুদৃঢ় পৰিয়াল, সুদৃঢ় সমাজ' শীর্ষক এক ৰাষ্ট্রজুৰি অভিযান পালনৰ কাৰ্যসূচী হাতত লৈছে । ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই দহদিনীয়া অভিযান দেশজুৰি পালন কৰা হ’ব । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰে সংগঠনটোৱে ।
সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে তেওঁলোকে এই অভিযান পালনৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে আৰু সমগ্ৰ দেশৰ লগতে অসমতো অভিযান সফল কৰিবলৈ বিভিন্নধৰণৰ কাৰ্যসূচীও হাতত লৈছে । ইতিমধ্যে এই অভিযানৰ প্ৰাথমিক কাৰ্যসূচী হিচাপে সংগঠনটোৰ সদস্য-কর্মী আৰু সমর্থকসকলৰ মাজত ৪০ টাৰো অধিক প্রশ্ন সন্নিবিষ্ট এক আবেদন পত্র পূৰণৰ জৰিয়তে পৰিয়ালৰ দাম্পত্য জীৱন আৰু পৰিয়ালৰ সাম্প্রতিক অৱস্থা সন্দৰ্ভত এক সমীক্ষা চলোৱা হৈছে । তদুপৰি, সংগঠনটোৰ বাহিৰেও একাংশ লোকৰ মাজত এই সমীক্ষা চলোৱা হৈছে । যি সমীক্ষাৰ জৰিয়তে স্বামী-স্ত্রীৰ মাজত সম্পর্ক, পাৰস্পৰিক বুজাবুজি, পিতৃ-মাতৃ আৰু সন্তানৰ মাজত সু-সম্পর্ক, সন্তানৰ সু-চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ গুৰুত্ব, পৰিয়ালৰ সদস্যসকলৰ মাজত এজনে আনজনৰ ওপৰত থকা অধিকাৰ-দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত এক বাস্তৱ প্রতিচ্ছবি সমাজৰ আগত দাঙি ধৰি তাৰ নেতিবাচক দিশসমূহৰ পর্যলোচনা কৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটোৱেই হৈছে এই অভিযানৰ মূল লক্ষ্য উদ্দেশ্য ।