অসম

assam

By

Published : Nov 2, 2021, 4:05 PM IST

ETV Bharat / state

গোঁস‍াইগাঁৱত ইউপিপিএলৰ জয়, ধূলিসাৎ বিপিএফ

উপ নিৰ্বাচনত কোকৰাঝাৰৰ গোঁসাইগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী । কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে লাভ কৰিলে ৩০,৫১৭ টা ভোট ।

jiron basumatary
গোঁস‍াইগাঁৱত ইউপিপিএলৰ জয়

গুৱাহাটী, ২ নৱেম্বৰ : বিধানসভাৰ উপ নিৰ্বাচনত গোঁসাইগাঁৱত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে বিজেপিৰ মিত্রদল ইউপিপিএলৰ (UPPL) প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ । তেওঁ ৫৮,৭৬৯ টা ভোট লাভ কৰি উপ নিৰ্বাচনত জয়ী হয় । আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে লাভ কৰিছে ৩০,৫১৭ টা ভোট । জিৰণ বসুমতাৰী ২৮,২৫২ টা ভোটৰ ব্যৱধানত জয়ী হৈছে ।

উল্লেখ্য যে, ক'ভিড 19 ত আক্ৰান্ত হৈ গোঁসাইগাওঁ সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুৰ বাবে সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈছিল । বিধানসভাৰ নিৰ্বাচনত এই সমষ্টিৰ পৰা বিপিএফ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীয়ে ১০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ইউপিপি এলৰ সোমনাথ নাৰ্থীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু উপ নিৰ্বাচনত বিপিএফ ধূলিসাৎ হৈ পৰিল । বিজেপিৰ মিত্রদল ইউপিপিএলে দখল কৰিলে সমষ্টিটো ।

লগতে পঢ়ক :আজি ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

ABOUT THE AUTHOR

...view details