গুৱাহাটী,৩ ডিচেম্বৰ:গেৰুৱা বসন পিন্ধিলে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিজয়ী আঞ্চলিক দল জিম'ছায়া পিপলচ পাৰ্টি চমুকৈ জেপিপিয়ে (Jimosaya Peoples Party officially joins BJP) । মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়(BJP joining program at Guwahati) । যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Assam BJP president Bhabesh Kalita), মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক নৱ দলেৰ লগতে অন্যান্য BJP নেতা কৰ্মীসকল ।
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত অন্যতম ৰাজনৈতিক দল তথা দেউৰী সকলৰ আঞ্চলিক দল জেপিপিয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত । ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাই জনোৱা অনুসৰি জেপিপিৰ সকলো নেতা কৰ্মীয়ে বিজেপিত চামিল হয়(JPP join BJP) । জেপিপিৰ সভাপতি মহেশ দেউৰী সহিতে ৭ গৰাকী পাৰিষদৰ ৬ গৰাকী পাৰিষদে যোগদান কৰে । বুধবাৰে বিয়লি মুখ্যমন্ত্রীৰ সৈতে চাহমেলতো অংশ ল'ব বিজেপিত যোগদান কৰা জেপিপিৰ নেতা কেইগৰাকীয়ে ।
যোগদান অনুষ্ঠানৰ পাছতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । এয়া আনন্দৰ দিন বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ পৰা ৩০/৪০ বছৰ আগতে যি পৰিৱেশ আছিল সেয়া এতিয়া নাই । এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিতো জাতি-জনগোষ্ঠীয়ে সম অধইকাৰ আৰু সম বিকাশৰ লক্ষৰে আগবাঢ়িব লাগে ।