গুৱাহাটী,২৮ জুলাই : "অসমত বাংলাদেশৰ পৰা জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে ।"এই গুৰুত্বপূৰ্ণ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM statement on Jihadi activities)।গুৱাহাটীত বৃস্পতিবাৰে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
তেওঁ কয়,"অসম আৰু বাংলাদেশ সীমান্তত একাংশ বাংলাদেশী মৌলবাদীয়ে সক্ৰিয়ভাৱে কাম কৰি আছে । এই সম্পৰ্কত বিভিন্ন লেনদেনৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে । এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে কাম কৰি আছে ।"
উল্লেখ্য যে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ নিকটৱৰ্তী চহৰীয়াগাঁৱত থকা জমিউল হুদা নামৰ মাদ্ৰাছাখনত মৰিগাঁও জিলা আৰক্ষীয়ে অভিযান চলায় মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাক জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে (Jihadi activities from Madrasa)। মৈৰাবাৰী মাদ্ৰাছাৰ মুফতি জোহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ সময়তে বেংগালুৰুতো গ্ৰেপ্তাৰ হৈছে অসমৰ আন এজন যুৱক । লগতে গুৱাহাটীৰ হাতীগাঁৱত জেহাদীৰ সন্দেহত আৰক্ষীয়ে তিনিজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে ।