অসম

assam

Keshab Mahanta Meeting with JICA : গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

By

Published : Apr 25, 2023, 9:36 AM IST

গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক ৷ অসম স্বাস্থ্যসেৱা আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্পক লৈ আলোচনা ৷ জাইকাৰ পুঁজিৰে অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ ছখন চিকিৎসা মহাবিদ্যালয়ত নতুন একোখনকৈ ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে (JICA Delegation Visit Guwahati) ৷

JICA team meets Assam Health Minister Keshab Mahanta
গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দল

গুৱাহাটী, 24 এপ্ৰিল : সোমবাৰে নিশা গুৱাহাটীৰ হোটেল ন'ভ'টেলত জাইকাৰ প্ৰতিনিধিৰ সৈতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত ৷ এই বৈঠকত ‘‘অসম স্বাস্থ্য আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্প’’ (এএইচআইডিপি) সন্দৰ্ভত আলোচনা কৰা হয় ৷ তথ্য অনুসৰি, জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে ৰূপায়ণ কৰিবলৈ লোৱা হৈছে এই বিশেষ প্ৰকল্পৰ কাম (Japan International Cooperation Agency চমুকৈ JICA) ৷

জাইকাৰ টকিঅ'স্থিত মুখ্য কাৰ্যালয়ৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ সঞ্চালিকা মিছ চাট'ৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোত আছিল জাইকাৰ স্বাস্থ্যসেৱা বিশেষজ্ঞ ইছ'ন', মানৱ সম্পদ বিভাগৰ বিষয়া মিছ আন্না ইনক্লেন, ভাৰতস্থ প্ৰতিনিধি মিছ ৰিঅ' অ'হগুচি আৰু প্ৰধান উন্নয়ন বিশেষজ্ঞা অদিতি পুৰী (JICA Delegation Visit Guwahati) ৷

জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধিক আদৰণি স্বাস্থ্যমন্ত্ৰীৰ

জাইকাৰ পুঁজিৰে অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালীকৰণৰ উদ্দেশ্যে ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ অধীনত ৰাজ্যৰ ছখন চিকিৎসা মহাবিদ্যালয়ত নতুন একোখনকৈ ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে (Health Minister Keshab Mahanta) ৷ এই ছখন চিকিৎসা মহাবিদ্যালয় হ’ল- শিলচৰ, তেজপুৰ, যোৰহাট, বৰপেটা, ডিফু আৰু লখিমপুৰ ৷

লগতে ছখন জিলা অসামৰিক চিকিৎসালয় অত্যাধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে ৷ এই ছয়খন অত্যাধুনিক চিকিৎসালয় হ’ল- শিলচৰ, ওদালগুৰি, হোজাই, হাইলাকাণ্ডি, দৰং আৰু ডিমা হাচাও (Keshab Mahanta Meeting with JICA) ৷ সোমবাৰে অনুষ্ঠিত হোৱা এই আলোচনাত অত্যাধুনিক ছুপাৰস্পেচিয়েলিটি হাস্পতালকেইখনৰ লগতে জিলা চিকিৎসালয়কেইখনৰ আধুনিকীকৰণৰ বিষয়ত চৰ্চা কৰা হয় ৷

উল্লেখ্য যে, টকিঅ’ আৰু নতুন দিল্লীৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে অহা জাইকাৰ প্ৰতিনিধি দলটো সোমবাৰে পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হয় (JICA Project in Assam) ৷ ইয়াৰ পাচত দুপৰীয়া ‘‘অসম স্বাস্থ্য আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্প’’ ব্যৱস্থাপনা সমিতিৰ সৈতে বৈঠকত মিলিত হৈ প্ৰাৰম্ভিক ৰূপায়ণ কাৰ্যৰ পৰ্যালোচনা কৰে ৷

জানিব পৰা মতে, আজি অৰ্থাৎ মঙলবাৰে দলটোৱে কামৰূপ (মহানগৰ) জিলাৰ একাধিক পাৰ্শ্বৱৰ্তী চিকিৎসালয় পৰিদৰ্শন কৰি ৰাজ্যৰ গ্ৰামীণ স্বাস্থ্য আন্তঃগাঁথনিৰ বিষয়েও বুজ ল'ব (Japan International Cooperation Agency) ৷

লগতে পঢ়ক :Barpeta Moral Police Incident : বৰপেটাৰোডকাণ্ডৰ ১০ অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details