অসম

assam

ETV Bharat / state

গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতি: 'জাইকা'ৰ হেঁচাত পুনৰ আৰম্ভ তদন্ত - অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

'জাইকা'ৰ (Japan International Cooperation Agency) সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহ তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰি দিয়া ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ নেতৃত্বাধীন এজনীয়া কমিটিয়ে পুনৰ আৰম্ভ কৰিছে তদন্ত । কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বৰঠাকুৰ নেতৃত্বাধীন এজনীয়া কমিটিয়ে জাইকাৰ সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহৰ শুনানী গ্ৰহণ কৰিব ।

Japan International Cooperation Agency
গুৱাহাটী পানী যোগান প্ৰকল্পৰ দুৰ্নীতি: 'জাইকা'ৰ হেঁচাত পুনৰ আৰম্ভ তদন্ত

By

Published : May 25, 2022, 8:03 PM IST

গুৱাহাটী, 25 মে':'জাইকা'ৰ (Japan International Cooperation Agency) সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহ তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰি দিয়া ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ নেতৃত্বাধীন এজনীয়া কমিটিয়ে পুনৰ আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে যোৱা ৫ ফ্ৰেব্ৰুৱাৰীতে অসম চৰকাৰে এক অধিসূচনা যোগে ‘জাইকা’ৰ সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহ তদন্ত কৰিবলৈ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক দায়িত্ব দিছিল (Additional Chief Secretary Paban Kumar Borthakur) ।

সেই অনুসৰি তদন্তকাৰী বিষয়াই অধিসূচনা জাৰি কৰাৰ সাত দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও নিৰ্দেশনা দিয়া হৈছিল । এই তদন্তৰ নামত চৰম ভেকোভাওনা হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে গুৱাহাটী পানী যোগান প্ৰকল্পৰ 80 কোটিৰ ঠিকাৰ বিপৰীতে 10% কমিছন ঠিকাদাৰৰ পৰা গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক এ সম্পথে দাবী কৰাৰ কথা ঠিকাদাৰসকলে জাইকাক লিখিতভাবে জনাইছিল । তাৰ পিছতেই ৰাজ্য চৰকাৰে বাধ্য হৈ ইয়াৰ তদন্তৰ ব্যৱস্থা কৰিছিল ।

এই সময়চোৱাৰ ভিতৰতে পদত্যাগ কৰিছিল পৰিচালন সঞ্চালক এ সম্পথেও । সম্পথৰ পদত্যাগৰ পিছত ৰহস্যজনক কাৰণত তদন্ত সিমানতে সামৰি থোৱা হৈছিল ৷ কিন্তু শেহতীয়াভাৱে এই তদন্ত আধৰুৱাকৈ এৰি দিয়াৰ বাবে দিল্লীত থকা জাইকাৰ কাৰ্যালয়ে ক্ষোভ প্ৰকাশ কৰা বুলি চৰকাৰী সুত্ৰত প্ৰকাশ । উল্লেখ্য যে কেন্দ্ৰীয় আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প দুটাৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু জাইকাৰ মাজত সম্পাদন হোৱা ঋণ চুক্তিৰ ম্যাদ ২০২২ চনৰ জুলাইত শেষ হ'ব ।

এই তদন্ত সম্পূৰ্ণ কৰি জাইকাক প্ৰতিবেদন দাখিল নকৰালৈকে জাইকাৰ দিল্লীত থকা জাইকাৰ কাৰ্যালয়ে ঋণ চুক্তিৰ ম্যাদ পুনৰ বৃদ্ধি নকৰাৰ হুমুকি দিছে । যাৰ বাবে এতিয়া জাইকাৰ হেঁচাত 'জাইকা’ সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহ পুনৰ তদন্ত আৰম্ভ কৰিছে পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া কমিটিয়ে । উল্লেখ্য যে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বৰঠাকুৰ নেতৃত্বাধীন এজনীয়া কমিটিয়ে জাইকাৰ সাহাৰ্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহ শুনানী গ্ৰহণ কৰিব ।

এই শুনানীত এ সম্পথক উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে । ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গুৱাহাটীৰ ৫ হাজাৰ মানুহক অহা জুলাইত খোৱা পানী যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া উপায়ুক্ত পল্লৱ গোপাল ঝাই শেহতীয়াকৈ দৈনিক গুৱাহাটীৰ পানী যোগানৰ কামত জড়িত থকা ঠিকাদাৰসকলৰ লগত ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি আছে । কিন্তু কাৰ্যক্ষেত্ৰত কাম বিশেষ আগবঢ়া নাই । উল্লেখ্য যে সম্পথৰ পদত্যাগৰ পিছত গুৱাহাটী খোৱাপানী আৰু অনাময় পৰিষদৰ পৰিচালন সঞ্চালক পদত নিযুক্তি দিয়া হৈছে পল্লৱ গোপাল ঝাক ।

লগতে পঢ়ক:সভ্য সমাজক লজ্জানত কৰিলে হোজাইৰ ঘটনাই

ABOUT THE AUTHOR

...view details