গুৱাহাটী, 8 এপ্ৰিল :অৱশেষত মুকলি কৰা হ’ল ঝন্ ঝন্ ঝন্ শীৰ্ষক সমৱেত সংগীতৰ ভিডিঅ’ ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত ঝন ঝন ঝন শীৰ্ষক সংগীতৰ ভিডিঅ’টো শুভমুক্তি দিয়া হয় (Video released of Jhan Jhan Jhan song)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হিৰ চাৰি নং ছাত্ৰাৱাসৰ ন-পুৰণি আৱাসীসকলে বাণীবন্ধ কৰা সমৱেত সংগীতটোৰ শুভমুক্তি অনুষ্ঠানত বিশিষ্ট গীতিকাৰ সুৰকাৰ জেপি দাস, অভিনেতা যতীন বৰা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু বিশিষ্ট বিজ্ঞানী ড৹ পদ্মপাণি মহন্তকে ধৰি ছাত্ৰাবাসখনৰ ন-পুৰণি কেইবাগৰাকীও আবাসী উপস্থিত থাকে ।
অৰূপজ্যোতি পাটগিৰিৰ (বাপী) সুৰ আৰু সংগীত পৰিচালনাৰে ড৹ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত কেইটামান বচা বচা সমবেত সংগীত ছাত্ৰাৱাসৰ ন-পুৰণি আৱাসীসকলৰ কণ্ঠত বাণীবন্ধ কৰা হৈছে ৷ এই সংগীত সংকলনটিৰ নাম দিয়া হৈছে ঝন্ ঝন্ ঝন্ ৷ শনিবাৰে ইয়াৰে ঝন্ ঝন্ ঝন্ শীৰ্ষক সংগীতটো শুভমুক্তি দিয়া হয় (Assamese song Jhan Jhan Jhan)। এই গীতসমূহ বিশ্ববিদ্যালয় সপ্তাহৰ সমবেত গংগীতৰ অনুষ্ঠানত পৰিবেশন কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল এই ছাত্ৰাবাসটোৱে ৷
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জে পি দাসে আৱাসটোৰ লগত থকা সুমধুৰ সম্পৰ্কৰ কথা চমুকৈ ব্যাখ্যা কৰে । এই অনুষ্ঠানতে অংশ লৈ বিশিষ্ট অভিনেতা যতীন বৰাই কয়, ‘‘ছাত্ৰাবাসৰ ন পুৰণি আৱাসীৰ যি প্ৰচেষ্টা সেয়া আদৰ্শ হ’ব । মাইলৰ খুঁটি হৈ ৰওক এই গীতটো’’ ৷ অসমৰ আন বিশ্ব বিদ্যালয়ৰ ছাত্ৰাবাসৰ আবাসীসকলৰ বাবেও ঝন ঝন ঝন এক অনুপ্ৰেৰণা হ’ব বুলি মত প্ৰকাশ কৰে অভিনেতা যতীন বৰাই । ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা আবাসটোৰ প্ৰাক্তন আবাসী মৃগাংক শইকীয়াই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই হোষ্টেলীয়া দিনত AT4 ৰ সৈতে থকা সম্পৰ্কৰ ৰোমন্থন কৰে ৷