গুৱাহাটী,১২ অক্টোবৰ : ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ'ল জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰতিষেধক । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে ১৫-৬৫ বছৰ বয়স সীমাৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিজ (জে ই) টীকাকৰণৰ ৰাজ্যজোৰা অভিযানৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । সোণাপুৰৰ জিলা চিকিৎসালয়ত মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই জে ই টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, এন এইচ এমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰনাথ নাটে, স্বাস্থ্য বিভাগৰ উপ সচিব কমলজিৎ তালুকদাৰ আৰু স্বাস্থ্যসেৱা (প্ৰতিষেধক) উপসঞ্চালক ডাঃ লাল সিঙে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানীজ এনকেফেলাইটিজ প্ৰতিষেধক অভিযানৰ জৰিয়তে এতিয়ালৈকে ১ বছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ-কিশোৰীৰ বাবেহে এই প্ৰতিষেধক উপলব্ধ হৈছিল ।
ভাৰত চৰকাৰে ইতিপূৰ্বে পৰীক্ষামূলক ভাৱে ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই প্ৰতিষেধকৰ সফল প্ৰয়োগ নিশ্চিত কৰাৰ পাছত চলিত বৰ্ষৰ পৰা অসমতো এই বয়স সীমাৰ লোকক জাপানীজ এনকেফেলাইটিজ প্ৰতিষেধক প্ৰদানৰ জোৰদাৰ অভিযান চলাবলৈ অনুমতি প্ৰদান কৰে । প্ৰতি বছৰত জাপানীজ এনকেফেলাইটিজ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা মাৰ্চৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত এই প্ৰতিষেধক প্ৰদান কৰা নহয় বাবে স্বাস্থ্য বিভাগে এতিয়া অক্টোবৰৰ পৰা এই টীকাকৰণ অভিযান হাতত লৈছে । এই অভিযানৰ জৰিয়তে বিভাগটোৱে সততে জাপানীজ এনকেফেলাইটিজ ৰোগৰ সংক্ৰমণ পৰিলক্ষিত হোৱা ৰাজ্যৰ ৯৯টা উন্নয়ন খণ্ড এলেকাৰ ৪০.১৭ লাখ গৰাকী লোকক জে ই টীকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
এই অভিযান উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই ইতিপূৰ্বে এই ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটা এলেকসমূহৰ জনসাধাৰণক জে ই টীকা গ্ৰহণেৰে নিজকে জাপানীজ এনকেফেলাইটিজৰ দৰে মাৰাত্মক ৰোগ বিধৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী উপলক্ষতে ৰাজ্যবাসীক জাপানীজ এনকেফেলাইটিজ ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । অসমত আজিলৈকে ২ কোটি লোকক প্ৰথমপালি ক'ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰ লগতে সৰ্বমুঠ প্ৰায় ২.৬৫ কোটি পালি ক'ভিড দিয়া হৈছে ।