গুৱাহাটী, ১৯ জুলাই : বছৰ বছৰ ধৰি বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই ভাৰাক্ৰান্ত কৰি আহিছে অসমক (Flood and Erosion affects Assam)। বছৰি অসমৰ লাখ লাখ লোক বানপানী আৰু গৰাখহনীয়াৰ কৱলত পৰা দেখা যায় । বহু লোকে ইতিমধ্যে বানত প্ৰাণ হেৰুৱাইছে । কেৱল এয়াই নহয়, বান আৰু খহনীয়াৰ কৱলত পৰি বছৰি বহু গাঁও ধ্বংসস্তুপ পৰিণত হয় ।
এইবছৰো প্ৰকৃতিৰ ৰোষত পৰি হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে । অসমৰ এই জলন্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে বছৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিলৈ কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে পুনৰ ৰাজ্যত দল-সংগঠনসমূহে প্ৰতিবাদ আৰম্ভ কৰিছে ।
অসমৰ বান আৰু গৰাখহনীয়া সমস্যা অসমৰ বান আৰু গৰখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ এইবাৰ তীব্ৰ প্ৰতিবাদত নামিছে জইন্ট কাউঞ্চিল অৱ ট্ৰেড ইউনিয়নচ (JCTU protest in Guwahati)। সংগঠনটোৱে মঙলবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । মূলত অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে স্বীকৃতি প্ৰদান, বানত ক্ষতিগ্ৰস্তসকলক উপযুক্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ম্যাদ উকলি যোৱা মথাউৰিসমূহৰ ক্ষিপ্ৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
বিক্ষোভ স্থলীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনটোৱে । ইউনিয়নৰ যুটীয়া আহ্বায়ক ভবেন্দ্ৰ কুমাৰ কলিতাই প্ৰতিবাদ অংশগ্ৰহণ কৰি কয় যে বানপানীত ২০০ তকৈ অধিক মথাউৰি ছিগিছে । সেয়েহে ম্যাদ উকলি যোৱা মথাউৰিসমূহ মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিবলৈ তেওঁ দাবী জনায় । আনহাতে ক্ষতিগ্ৰস্ত মৎস্য পালকসকলক ২৫ হাজাৰ টকাকৈ আৰু ক্ষতিগ্ৰস্ত খেতিয়কসকলক প্ৰতি বিঘা মাটিত ১০ হেজাৰ টকাকৈ প্ৰদান কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক:CAA Protest: শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ অখিল গগৈ