অসম

assam

ETV Bharat / state

প্ৰসংগ জয়মালা : তামিলনাডু চৰকাৰে উচিত কাম কৰা নাই ! - People for Ethical Treatment of Animal

সংবাদ মাধ্যমৰ আগত জয়মালাৰ প্ৰসংগত ক'লে প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে (PCCF MK Jadav reaction on Jaymala issue) । জয়মালাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বন বিভাগ । ন্যায়ালয়লৰ ৰায়ৰ অপেক্ষাত বন বিভাগ । অসমৰ পৰা যোৱা চাৰিজনীয়া দলটোৱে জয়মালাক উভতাই অনাটো দূৰৈৰে কথা, প্ৰত্যক্ষ কৰিবলৈও সক্ষম হোৱা নাই । বিধানসভাত জয়মালাৰ প্ৰসংগ উত্থাপন কৰিলে আশ্ৰাফুল হুছেইনে (MLA Asraful Hussain raised Jaymala issue in Assembly) ।

Jaymala
Jaymala

By

Published : Sep 14, 2022, 4:24 PM IST

Updated : Sep 14, 2022, 7:43 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : পুনৰ জয়মালাৰ প্ৰসংগ । বিধানসভাতো আহিল জয়মালা (Jaymala issue raised in Assam Assembly) । প্ৰসংগ আহিল যদিও জয়মালাক আনিব নোৱাৰিলে অসম চৰকাৰে । উল্লেখ্য যে বহুবছৰ পূৰ্বে অসমৰ পৰা তামিলনাডুলৈ নিয়া 'জয়মালা' নামৰ হাতীটোক বৰ্বৰ অত্যাচাৰ কৰাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন দল-সংগঠনে হাতীটোক ঘূৰাই অনাৰ বাবে দাবী জনাইছিল ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক গুৰুত্বসহকাৰে লৈ অসম চৰকাৰৰ এটা দল তাৎক্ষণিকভাৱে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল (CM Himanta Biswa initiative about Jaymala) । কিন্তু দলটোৱে ইমানদিনে জয়মালাক দেখা কৰিবলৈ সক্ষম নহ'ল । এই সন্দৰ্ভত আজি বিধানসভা চৌহদত সাংবাদিকে প্ৰশ্ন কৰাত প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱে কয় (PCCF MK Jadav reaction on Jaymala issue), "জয়মালাৰ বাবে আমি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ । ন্যায়ালয়লৰ ৰায়ৰ বাবে অপেক্ষা কৰি আছোঁ । তামিলনাডুত বৰ্তমান জয়মালা সুৰক্ষিত অৱস্থাত আছে ।"

প্ৰসংগ জয়মালা : তামিলনাডু চৰকাৰে উচিত কাম কৰা নাই !

তেওঁ কয় যে অসম চৰকাৰৰ মুখ্য সচিবে তামিলনাডু চৰকাৰৰ সৈতে কথা পাতিছে । তামিলনাডু চৰকাৰে অসম চৰকাৰৰ দলটোক জয়মালাক সাক্ষাৎ কৰিব নিদিয়াটো উচিত কাম হোৱা নাই । বৰ্তমান হাতীটো তামিলনাডু চৰকাৰৰ হাতত নাই । হাতীটো ব্যক্তিগত মালিকানাধীনত আছে বুলি তেওঁ জনায় । তেওঁ লগতে কয় যে জয়মালাক অসমলৈ আনিবৰ বাবে সমস্ত পৰিবহণ খৰচ বহন কৰিবলৈ সাজু আছে বন বিভাগ ।

আনহাতে, আন আঠটা হাতীৰ প্ৰসংগও তেওঁ উল্লেখ কৰে । ইফালে আজি বিধানসভাত বিধায়ক আশ্ৰাফুল হুছেইনে জয়মালা প্ৰসংগত প্ৰশ্ন উত্থাপন কৰে (MLA Asraful Hussain raised Jaymala issue in Assembly) । এই সন্দৰ্ভত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া তথ্যমতে, অসমৰ পৰা তামিলনাডুলৈ জয়মালা হাতীটো ২০১১ চনত অসম চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ সন্মতি সাপেক্ষে প্ৰেৰণ কৰা হৈছিল । বর্তমান হাতীটো অসমলৈ ঘূৰাই অনা হোৱা নাই । হাতীটোক নির্দয়ভাৱে অত্যাচাৰ কৰা সম্পর্কে সংবাদ মাধ্যমযোগে বিভাগটো জ্ঞাত আৰু বন বিভাগে ২০২১ চনৰ ৮ মাৰ্চত এখন পত্র তামিলনাডু চৰকাৰলৈ প্ৰেৰণ কৰিছিল ।

বর্তমান হাতীটোৰ স্বাস্থ্যৰ অৱস্থা ভাল বুলি সংবাদ মাধ্যমযোগে জানিব পৰা গৈছে বুলি সদনত কোৱা হয় । তদুপৰি, অসম চৰকাৰৰ এক উচ্চস্তৰীয় প্রতিনিধি দল ২ ছেপ্টেম্বৰত তামিনাডুলৈ প্ৰেৰণ কৰাৰ কথা সদনত সদৰী কৰা হয় । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক আশ্ৰাফুল হুছেইনে । তেওঁ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লক্ষণীয় বিষয় যে অসমৰ পৰা যোৱা দলটোৱে এতিয়াও জয়মালাক ওভতাই অনাটো দূৰৈৰে কথা, প্ৰত্যক্ষ কৰিবলৈও সক্ষম হোৱা নাই । ইফালে ত‍ামিলনাডু চৰকাৰে অসম চৰকাৰলৈ বিষয়টো সন্দৰ্ভত এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত চোকা ভাষাৰে তিৰস্কাৰ কৰিছে অসম চৰকাৰক । এক কথাত ‘জয়মালা’ নামৰ হাতীজনীক লৈ অসম আৰু তামিলনাডু চৰকাৰৰ মাজত সংঘাত তুংগত উঠিছে । তামিলনাডুত মাউতৰ দ্বাৰা অসমৰ হাতীক অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অসমত । এই ভিডিঅ’ৰ আলম লৈ অসমৰ মুখ্য সচিবে তামিলনাডু চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

এতিয়া তামিলনাডু চৰকাৰৰ হৈ বন সচিব সুপ্ৰিয়া চাহুৱে ইয়াৰ প্ৰত্যুত্তৰ দিছে । পত্ৰখনত তেওঁ কৈছে যে বিষয়টোৰ সন্দৰ্ভত অসমে তামিলনাডুৰে পোনপটীয়া আলোচনাত মিলিত নোহোৱাটো দুৰ্ভাগ্যজনক । তাকে নকৰি কোনো আইনপ্ৰদত্ত ক্ষমতা নোহোৱাকৈ অকৰ্তৃত্বশীলভাৱে অসম চৰকাৰৰ দল হাতী চাবলৈ চেন্নাই পাইছেহি । গোটেই ঘটনাটোৱে অনাহকত বিতৰ্কৰ সূত্ৰপাত কৰিছে বুলি তেওঁ সদৰী কৰে । অসমৰ মুখ্য সচিবে উল্লেখ কৰা ভিডিঅ’টো ডেৰ বছৰ পুৰণি ।

ঘটনাটোৰ পিছত মাউত বিনীল কুমাৰ আৰু কাৱাডি শিৱপ্ৰসন্থক বৰ্খাস্ত কৰা হৈছে । তাৰ পিছৰ পৰা জয়মালা নামৰ হাতীজনীক সুব্ৰমণিয়াম আৰু ৰঞ্জিত কুমাৰ নামৰ দুজন মাউতৰ তত্বাৱধানত মৰমৰে ৰখা হৈছে বুলিও পত্ৰখনত উল্লেখ কৰা হয় । উল্লেখ্য যে তামিলনাডু চৰকাৰে PETA লৈও প্ৰেৰণ কৰিছে আইনী জাননী । People for Ethical Treatment of Animal নামৰ সংগঠনটোক ক্ষমা খোজাৰ আৰু হাতী অত্যাচাৰৰ পুৰণি ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে তামিলনাডু চৰকাৰৰ বন বিভাগে ।

উল্লেখ্যে যে জয়মালাক উভতাই আনিবলৈ তামিলনাডুলৈ গৈছিল অসমৰ চাৰিজনীয়া এটা দল । জানিব পৰা মতে, ইতিমধ্যে জয়মালাৰ ওচৰ নোপোৱাকৈয়ে উভতি আহিছে অসমৰ দলটোৰ একাধিক সদস্য । ঘূৰি আহিছে দলটোত থকা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন । অৱশ্যে ঘটনা সন্দৰ্ভত কোনেও মুখ খোলা নাই । এনে এক পৰিস্থিতিত জয়মালাক অসমলৈ উভতাই অনাটো সম্ভৱ হ’বনে নহয় সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক :বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

Last Updated : Sep 14, 2022, 7:43 PM IST

ABOUT THE AUTHOR

...view details