বিত্ত মন্ত্ৰীৰ বিত্তীয় বৰ্ষৰ আয়-ব্যয়ৰ সাময়িক খতিয়ান
বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আয় ব্যয়ৰ সাময়িক খতিয়ান দাঙি ধৰিলে বিজেপি নেতা সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱাই ৷ সোমবাৰে বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি খতিয়ান দাঙি ধৰে বিজেপি নেতাদুগৰাকীয়ে ৷ লগতে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ 15 হাজাৰ কোটি বিত্তীয় বাজেটৰ খৰচ স্পৰ্শ কৰা বুলিও মন্তব্য কৰে সংবাদমেলত ৷
বিত্ত মন্ত্ৰীৰ বিত্তীয় বৰ্ষৰ আয়-ব্যয়ৰ সাময়িক খতিয়ান
সংবাদমেলত দাঙি ধৰা খতিয়ানসমূহ এনেধৰণৰ......
- পূৰ্বতে এনে ধৰণে বাজেট দাখিল কৰা খতিয়ান কোনো দলে দাঙি ধৰা নাছিল
- কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা দ্বিতীয়বাৰৰ বাবে বাজেট দাখিলৰ খতিয়ান দাঙি ধৰা হৈছে
- কংগ্ৰেছৰ দিনত বিত্তীয় ব্যৱস্থা দুৰ্নীতিৰে ভৰি পৰিছিল
- বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা সকলো সলনি হৈছে
- কংগ্ৰেছৰ সময়ত বিত্তীয় বাজেটৰ ব্যয় পৰিমাণ 13 হাজাৰ কোটি টকাৰ হিচাপ দিব পৰা নাছিল
- 2018-19 বৰ্ষত বি জে পি চৰকাৰৰ ব্যয় পৰিমাণ হৈছে 70658 কোটি টকা
- কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰে বিত্তীয় বাজেটত 30 হাজাৰ কোটি টকা ব্যয় বৃদ্ধি কৰিছে
- বিজেপি চৰকাৰে 1,47,141 জন কৃষকৰ 25 শতাংশ ৰাজ সাহায্য আঁচনি ৰূপায়ণ কৰে
- বিজেপিৰ দিনতে এক হাজাৰ কাঠৰ দলঙৰ 604 খন দলং পকীকৰণৰ কাম আৰম্ভ হৈছে
- বিজেপি চৰকাৰৰ দিনতে বৃদ্ধ পেঞ্চন লাভ কৰিছে 1,15,511 গৰাকীয়ে
- বিজেপি চৰকাৰৰ দিনতে বিশেষভাৱে সক্ষম লোকসকললৈ আগবঢ়োৱা হয় 1 হাজাৰ টকা
- বিজেপি চৰকাৰৰ দিনতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা 1100 জন কৰ্মচাৰীলৈ সম্পূৰ্ণ দৰমহা প্ৰদান
- 11,158 জন বাগিচাৰ চৰ্দাৰে লাভ কৰে ম'বাইল ফোন
- তাৰোপৰি গাঁও অঞ্চলত নিৰ্মাণ কৰা হৈছে 1,084 হাজাৰ পকী ঘৰ