অসম

assam

ETV Bharat / state

Dighalipukhuri park: দীঘলীপুখুৰী বাহিৰৰ কোম্পানীক গতাই দিয়া নহয়:জয়ন্ত মল্ল - দীঘলীপুখুৰী বাহিৰৰ কোম্পানীক গতাই দিয়া নহয়

আম আদমি পাৰ্টীৰ অভিযোগ অনুসৰি দীঘলীপুখুৰী পৰ্যটন বিভাগে গুজৰাটৰ এটা প্ৰতিষ্ঠানক লীজত দিছে । ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে মন্ত্রী জয়ন্তমল্ল বৰুৱাই স্পষ্টীকৰণ । অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে। অজ্ঞতা প্ৰকাশ মুখ্যমন্ত্রীৰ ।

reaction over allotment of dighalipukhuri park
ঐতিহাসিক দীঘলীপুখুৰী লীজ বিতৰ্ক

By

Published : Jul 1, 2023, 11:13 PM IST

Updated : Jul 2, 2023, 5:58 AM IST

গুৱাহাটী, ১ জুলাইঃগুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটৰ প্ৰতিষ্ঠানক ১৫ বছৰৰ বাবে লীজত দিয়াৰ বিষয়টোক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ । আম আদমি পাৰ্টী চমুকৈ আপৰ অভিযোগ অনুসৰি দীঘলীপুখুৰী পৰ্যটন বিভাগে গুজৰাটৰ এটা প্ৰতিষ্ঠানক লীজত দিছে। শুকুৰবাৰে সংবাদমেল যোগে আপে এই অভিযোগ তথ্য সহকাৰে উত্থাপন কৰাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে পৰ্যটন মন্ত্রী জয়ন্তমল্ল বৰুৱাই সামাজিক মাধ্যম যোগে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে ।

মন্ত্রীগৰাকীয়ে অৱগত কৰা অনুসৰি গুজৰাটী বণিয়াৰ হাতত যোৱা নাই দীঘলীপুখুৰী । উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ এক আকৰ্ষণ হ'ল দীঘলীপুখুৰী । এই দীঘলীপুখুৰীকে গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক চৰকাৰী পক্ষই গতাই দিয়াৰ খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমত । এই সন্দৰ্ভত আম আদমি পাৰ্টীৰ নেতা জিতুল ডেকাই সংবাদ মেলৰ জৰিয়তে সবিশেষ ফাদিল কৰিছিল । তাৰ পাছতেই ৰাজ্যৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। প্ৰতিক্ৰিয়া-বিতৰ্কক পিছ পেলাই অৱশেষত এই সন্দৰ্ভত সামাজিক মাধ্যমতেই মত প্ৰকাশ কৰিলে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ কথা দৃষ্টিগোচৰ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে পৰ্যটন মন্ত্ৰী হিচাবে তেওঁ অসমৰ জনসাধাৰণক স্পষ্টভাৱে অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে বুলি অৱগত কৰে । পৰ্যটন বিভাগে যিধৰণে বিগত দিনসমূহত ইয়াৰ পৰিচালনা কৰিছিল, আগন্তুক দিনতো তাৰ উন্নয়নৰ বাবে বিভাগে নিজেই কাম কৰি যাব আৰু ইয়াক লৈ অনাহকত কোনো বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই বুলিও সামাজিক মাধ্যমত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । সামাজিক মাধ্যমত মন্ত্রীগৰাকীয়ে কয়,' দীঘলীপুখুৰী সন্দৰ্ভত সংবাদ মাধ্যমত কিছু বাতৰি মোৰ দৃষ্টিগোচৰ হৈছে । পর্যটন মন্ত্রী হিচাবে মই অসমৰ জনসাধাৰণক স্পষ্টভাৱে জনাওঁ যে অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে । পৰ্যটন বিভাগে যিধৰণে বিগত দিনসমূহত ইয়াৰ পৰিচালনা কৰিছিল, আগন্তুক দিনতো তাৰ উন্নয়নৰ বাবে বিভাগে নিজেই কাম কৰি যাব । ইয়াক লৈ অনাহকত কোনো বিতর্ক কৰাৰ কোনো প্রয়োজন নাই।'

ইফালে, এই সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত অজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কেৱল চোৱা-চিতাৰ কামৰ বাবে গুজৰাটৰ কোনো প্রতিষ্ঠান নাহে। এই সম্পর্কত পর্যটন বিভাগৰ লগত কথা পতা হ'ব। যদি কিবা প্রযুক্তি আনিছে তেন্তে বেলেগ কথা বুলি মুখ্যমন্ত্রীয়ে কয় । কিন্তু কেৱল চাফ-চিকুণ কৰাৰ বাবে যদি কাৰোবাক দিয়া হৈছে, সেয়া ভুল হৈছে বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Piyush Hazarika: সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান পীযূষ হাজৰীকাৰ

Last Updated : Jul 2, 2023, 5:58 AM IST

ABOUT THE AUTHOR

...view details