অসম

assam

ETV Bharat / state

পিয়ুষ হাজৰিকাৰ পত্নী বুলিয়ে আইমি বৰুৱাকলৈ বিতৰ্ক কৰা উচিত নহয়ঃ জয়ন্ত মল্ল বৰুৱা - assam turism

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰা ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী আইমি বৰুৱাই নৃত্য প্ৰদৰ্শন কৰাৰ লৈ বিশেষ চৰ্চা চলিছে সামাজিক মাধ্যম ফেচবুকত । যাক লৈ সোমবাৰে এক সংবাদমেলত কেৱল পিয়ুষ হাজৰিকাৰ পত্নী বুলিয়েই আইমি বৰুৱাকলৈ বিতৰ্ক কৰা উচিত নহয় বুলি মন্তব্য কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷

জয়ন্ত মল্ল বৰুৱা
পিয়ুশ হাজৰিকাৰ পত্নী বুলিয়ে আইমি বৰুৱাকলৈ বিতৰ্ক কৰা উচিত নহয়ঃ জয়ন্ত মল্ল বৰুৱা

By

Published : Feb 17, 2020, 11:47 PM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰীঃ পিয়ুষ হাজৰিকাৰ পত্নী বুলি আইমি বৰুৱাকলৈ বিতৰ্ক কৰা উচিত নহয় ৷ সোমবাৰে এই মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই ৷ সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰা ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী আইমি বৰুৱাই নৃত্য প্ৰদৰ্শন কৰাৰ লৈ বিশেষ চৰ্চা চলিছে সামাজিক মাধ্যম ফেচবুকত। বিভিন্নজনে ফেচবুকত আইমি বৰুৱা মন্ত্ৰীৰ পত্নী হোৱাৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত নৃত্য কৰাৰ সুবিধা লাভ কৰিছে বুলি ট্ৰে'ল কৰিছে । ফেচবুকত আইমি বৰুৱাৰ ট্ৰ'লকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

পিয়ুশ হাজৰিকাৰ পত্নী বুলিয়ে আইমি বৰুৱাকলৈ বিতৰ্ক কৰা উচিত নহয়ঃ জয়ন্ত মল্ল বৰুৱা

সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত সাংবাদিকে আইমি বৰুৱাৰ ট্ৰ'ল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয়, পিয়ুষ হাজৰিকাৰ পত্নী বুলি আইমি বৰুৱাকলৈ বিতৰ্ক কৰা উচিত নহয় । আইমি বৰুৱা পিয়ুষ হাজৰিকাৰ লগত বিয়া হোৱাৰ পূৰ্বৰে পৰা অভিনয়ৰ লগত জড়িত । আইমিক পিয়ুষ হাজৰিকাৰ চিনাকীৰ প্ৰয়োজন নাই। আইমিক অসমৰ ৰাইজে বিয়াৰ পূৰ্বৰে পৰা চিনি পায় । তাৰোপৰি নাচিব নজনা ব্যক্তি সকলে আইমিক সমালোচনা কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

জয়ন্ত মল্ল বৰুৱাই অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ফলত যেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানৰ পিছত পৰিৱেশ সলনি হৈছে । অসমলৈ এতিওয়া পৰ্যটক আহিব বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ।

আৰু পঢ়কঃ খিলঞ্জীয়াৰ সংজ্ঞা কিদৰে দিছে ন্যায়াধীশ শৰ্মা কমিটিয়ে!

ABOUT THE AUTHOR

...view details