গুৱাহাটী, 9 জুন: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ'ল দুই মন্ত্ৰী (Assam new minister)। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্থান পোৱা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে (Jayanta Malla Baruah Nandita Garlosa included in ministry)।
এই উপলক্ষ্যে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শপত গ্ৰহণৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দুয়োগৰাকী মন্ত্ৰীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় (Assam cabinet expansion) । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি শপত লোৱা দুই নতুন মন্ত্ৰীয়ে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।