অসম

assam

ETV Bharat / state

Jayanta Malla Baruah on opposition unity forum: ক্লাবসমূহত একতাৰ অভাৱ হৈছে: জয়ন্ত মল্ল বৰুৱা - বিৰোধী দলৰ বৈঠক

বিৰোধী দলসমূহক একো একোটা ক্লাব আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

bharat india controversy
জয়ন্ত মল্ল বৰুৱাই কি ক’লে শুনক

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 8:03 PM IST

জয়ন্ত মল্ল বৰুৱাই কি ক’লে শুনক

গুৱাহাটী, ২৬ অক্টোবৰ : বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ দলৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰে । এই কাৰ্যসূচীৰ পিচতে সাংবাদিকৰে হোৱা কথা বতৰাত কেইবাটাও বিষয়ত মন্তব্য আগবঢ়াই জয়ন্ত মল্ল বৰুৱাই ।

জয়ন্ত মল্ল বৰুৱাই দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰতৰাজ চলিছে । এন চি ই আৰ টি পাঠ্যপুঁথিতো ভাৰত বুলি বৰ্ণনা কৰা হৈছে । NCERT কিতাপত ভাৰত নামটো হোৱাৰ বাবে মই অত্যন্ত সুখী । বিদেশত ইণ্ডিয়ান বুলি ক’লে ৰেড ইণ্ডিয়ান বুলি ভাবি ঠাট্টা কৰা যেন অনুভৱ হয় । এতিয়া ভাৰতৰাজ চলি আছে, ইণ্ডিয়াৰ দাসত্বৰ কথা এতিয়া আৰু নাহে । ইংৰাজে ইণ্ডিয়া বুলি কৈ ভাৰতক জংঘলী মানুহৰ দেশ বুলি বুজাব বিচাৰিছিল । কিন্তু আজিৰ সময়ত প্ৰত্যেকজন মানুহে নিজকে গৌৰৱেৰে ভাৰতীয় বুলি কৈছে’ ।

আনহাতে আজি বিৰোধী দলৰ বৈঠক সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় যে, ‘বৈঠক সন্দৰ্ভত আমি খবৰ ৰখা নাই, আপোনালোকৰ পৰাই জানিব পাৰিছো যে আজি ক্লাবসমূহত একতাৰ অভাৱ হৈছে । সেয়ে আজি মিলিত হৈছে । এই ক্লাবসমূহৰ মাজত কোনোধৰণৰ আদৰ্শগত মিল নাই । তেওঁলোকে একমাত্ৰ মিঞা ভোটক লক্ষ্য কৰি কাম কৰি আছে’ । লগতে বৰুৱাই কয় যে, কংগ্ৰেছ চৰকাৰৰ শাসনকালত অসম আন্দোলনৰ সময়ত ৮৫৫ জন যুৱক শ্বহীদ হৈছিল । সেই কংগ্ৰেছ দলৰ লগতেই আকৌ আছুৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ সভাপতিয়ে মিত্ৰতা কৰিছে । গতিকে ইয়াত আদৰ্শগত মিল কেতিয়াবা থাকিব পাৰে জানো ?

তেওঁ লগতে কয় যে মিঞা তথা অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আগ্ৰাসনকাৰীসকলক বাদ দি ৰাষ্ট্ৰীয়তবাদী তথা সনাতনী ধৰ্মত বিশ্বাস কৰা প্ৰতিজন মানুহ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক আদৰি লৈছে । গতিকে বিৰোধীৰ মিত্ৰজোঁটে এতিয়া মিঞা ভোটক লক্ষ্য কৰিহে কাম কৰিছে । ইয়াৰ সমান্তৰালকৈ ভগৱান ৰামৰ জন্মভূমিত ৫০০ বছৰৰ পাচত ৰাম মন্দিৰ হ’ব, দেশবাসীৰ বাবে ইয়াতকৈ গৌৰৱৰ কথা কি হ’ব পাৰে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Opposition Unity Meeting Guwahati: বিৰোধী ঐক্যমঞ্চক তুচ্ছ-তাচ্ছিল্য কৰাত ব্যস্ত ৰাজ্যৰ প্ৰাক্তন কংগ্ৰেছী

ABOUT THE AUTHOR

...view details